চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে উত্তাল নাফুক চাহ বাগিচা...

চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে উত্তাল নাফুক চাহ বাগিচা...

author-image
Asomiya Pratidin
New Update
চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে উত্তাল নাফুক চাহ বাগিচা...

ডিজিটেল সংবাদ চৰাইদেউঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চৰাইদেউ জিলাৰ বাগিচাই,বাগিচাই সংগঠনটোৰ ধাৰাবাহিক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হৈ আহিছে । আজি সংগঠনটোৱে নাফুক চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বাগিচাখনৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়িত কৰে ।

পুৱা প্ৰতিবাদকাৰীসকলে হাতে- হাতে বেনাৰ, প্লে’কাৰ্ড লৈ চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰক , এটি কলি দুটি পাত চাহ শ্ৰমিক জিন্দাবাদ, বাগিচাৰ শ্ৰমিকৰ ওপৰত শোষণ নীতি নচলিব, মালিকপক্ষ হুঁচিয়াৰ,শ্ৰমিককলৈ হেতালি খেলা বন্ধ কৰক ইত্যাদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

প্ৰতিবাদকাৰীসকলে অতিশীঘ্ৰে চাহ শ্ৰমিকসকলৰ সমস্যা সমাধান নকৰিলে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ এই কাৰ্যসূচীত সোনাৰি শাখাৰ সম্পাদক গৌতম গোৱালা ,জিলাৰ সাংগঠনিক সম্পাদক মুক্তি কুমাৰ জিলাৰ কাৰ্যনিৰ্বাহক কৰুনা কান্ত কৈৰি যোচেফ নন্দ জিলাৰ উপ সভাপতি বাসুদেৱ কুমাৰে অংশগ্ৰহণ কৰে ৷

Also Read: পুনৰ নাও দুৰ্ঘটনাঃ ৭৫০ যাত্ৰীৰ ৫০০ ৰো অধিক সন্ধানহীন, ৭৯ গৰাকীৰ মৃত্যু নিশ্চিত...

চাহ শ্ৰমিক