গান্ধী বস্তিত চাঞ্চল্য! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক

গান্ধী বস্তিত চাঞ্চল্য! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক
Published on
Updated on

ডিজিটেল ডেস্কঃ বুধবাৰে নিশাৰ ভাগত মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক চোকা অস্ত্ৰৰে কাটি পেলাই থৈ যায় এজন লোকে।

ইব্ৰাহিম নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ চেষ্টা কৰাৰ অভিযোগ। অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে এতিয়াও স্পষ্ট হোৱা নাই। যুৱতী গৰাকীৰ নাম চাবিৰা বেগম ।

ঘটনাৰ পাছতেই জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে যুৱতী গৰাকীক। বৰ্তমান চিকিৎসাধীন হৈ আছে ভুক্তভোগী যুৱতীগৰাকী। আনহাতে ঘটনাস্থলীত চানমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

স্থানীয় লোকে জনোৱা অনুসৰি যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ।

গান্ধী বস্তিত চাঞ্চল্য! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক
গুৱাহাটী আইআইটিৰ ছাত্ৰই ল'লে চৰম সিদ্ধান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in