ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জনপ্ৰিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই " অথনেটিক ইংলিছ গ্ৰামাৰ আৰু কম্পজিশ্যনৰ" নামৰ এখন ব্যাকৰণ পুথি উন্মোচন কৰে । নতুন শিক্ষা নীতিৰ আধাৰত এই পুথিখন ৰূপক সাহা আৰু মাধুৰিমা শৰ্মা গোস্বামীয়ে প্ৰস্তুত কৰে।
লেখক দ্বয়ে জনোৱা মতে গ্ৰন্হখন প্ৰকাশ কৰিছে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকাশক গোষ্ঠী "গ্লবেল নেট পাব্লিকেশ্বনে। জীতেন ভাগৱতীয়ে বন্তি প্ৰজ্বলনৰে উন্মোচনী সভাখনৰ শুভ আৰম্ভণি কৰে।তদুপৰি সভাখনত আঁত ধৰে অধ্যাপক ডঃ ৰত্নকিংকৰ গোস্বামীয়ে।
বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ডীন ডঃ ৰনেন্দ্ৰনাথ বৰ্মনে সভাপতিত্বত অনুষ্ঠিত সভাখনত জনপ্ৰিয় বিজ্ঞান লেখক তথা অৱসৰী অধ্যাপক ক্ষীৰধৰ বৰুৱা ,ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ সিং ৰাজপুতে বক্তব্য আগবঢ়ায় । বিগত তিনিবছৰ ধৰি অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ চি বি এছ ই তথা ৰাজ্যিক বৰ্ডৰ শিক্ষাৰ্থীৰ উপযোগীকৈ ইংৰাজী ব্যাকৰণৰ পৰম্পৰাগত তথা নতুন সকলো দিশ সামৰি ৯৫ টা পাঠসমৃদ্ধ ৬৫০ পৃষ্ঠাৰে প্ৰস্তুত কৰি উলিয়াইছে এই ব্যাকৰণখন ।
তদুপৰি গ্ৰন্হখনত ৰাজ্যিক আৰু কেন্দ্ৰীয় প্ৰৱেশ পৰীক্ষা সমূহৰ উপযোগীকৈ ইংৰাজী ব্যাকৰণৰ প্ৰশ্নসমূহৰ সামাধান দিয়া হৈছে ।যাৰ দ্বাৰা সৰ্বভাৰতীয় পৰীক্ষাত ছাত্র ছাত্ৰী সকল উপকৃত হ'ব । গ্ৰন্হখনে আই এছ বি এন-৯৭৮-৮১-৯৬০৩৮৫-৩-৩ নম্বৰ লাভ কৰিছে । আজিৰ এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি ৰেনু বৰা , ৰাণা প্ৰসাদ হাজৰিকা , মহেশ শৰ্মা , পংকজ বৰা , ধনেশ্বৰ বৰা , ভৰত তামুলী ,স্বপ্না বৰা দাস ,নয়ণজ্যোতি খাউণ্ডকে ধৰি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয় অধ্যাপক সকল উপস্হিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।