ডিজিটেল ডেস্ক : ১২ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধান সভাৰ শৰৎ কালীন অধিৱেশন । শনিবাৰে এই অধিৱেশনৰ ঘোষণা কৰে বিধান সভাৰ উপাধক্ষ্য নোমল মমিনে । পাচঁ দিনীয়া এই অধিৱেশন ১৯ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব ।
অধিৱেশন সন্দৰ্ভত মমিনে দিয়া ভাষ্য অনুসৰি, ইতিমধ্যে ১৩ খন বিধেয়কৰ প্ৰস্তাৱ ইতিমধ্যেই পাইছে বিধান সভাই আৰু অনাগত দিন কেইটাত আন ২-৩ খন বিধেয়কৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে । এই বিধেয়ক কেইখন শৰৎকালীন অধিৱেশনত আলোচনা কৰা হ'ব ।
ইয়াৰ উপৰিও, বিৰোধী পক্ষই উত্থাপন কৰিব পৰা যিকোনো সমস্যা অথবা প্ৰশ্নৰ বাবে চৰকাৰ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে উপাধক্ষ্য গৰাকীয়ে ।