সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

ৰঙিয়াত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাজনকো সম্বৰ্ধনা
সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়াত আজি সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ উদ্যোগত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনযোৰাকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু প্ৰয়াত সন্দীপ কলিতাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণৰে কাৰ্যসূচীৰে আৰম্ভ হয়।

কাৰ্যসূচীৰ অংশ হিচাপে গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, এমন্ত্ৰণৰ উপ-প্ৰৱন্ধক তথা সংস্কৃতিৰ দাপোণ কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ ,আছুৰ প্ৰাক্তন উপ সভাপতি ধৰ্মেশ্বৰ দাস,কৃতী শিক্ষক জয়ন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে।

সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে আঁত ধৰা অনুষ্ঠানটোত সাহিত্য -সংস্কৃতি তথা সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অংকুৰ ডেকা, কমল কুমাৰ জৈন মনোৰঞ্জন কলিতা, প্ৰাঞ্জল কলিতা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। আনহাতে কেইবাগৰাকী কৃতি ছাত্র-ছাত্ৰীকো সন্দীপ কলিতা সোঁৱৰণী মেধা বঁটা প্ৰদান কৰে।

সদৌ অসম কবি মঞ্চ আৰু সন্দীপ কলিতা ন্যাসৰ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
ঢকুৱাখনাত পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in