ডিজিটেল ডেস্কঃ আজমলৰ দুখ লাগিছে। চূড়ান্ত সাম্প্ৰদায়িক আৰু সমাজত বিভাজনৰ অপচেষ্টাৰে বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি অহা বদৰুদ্দিন আজমলে আওৰাইছে ভাতৃত্ববোধৰ কথা। যেন ভূতৰ মুখত ৰাম নাম।
নিৰ্বাচনৰ আহিলেই অসমত শেহতীয়াকৈ আবিৰ্ভাৱ ঘটে বদৰুদ্দিন আজমল নামৰ বেপাৰী ৰাজনৈতিক নেতাজনৰ। এ আই ইউ ডি এফৰ মুৰব্বী আজমলে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বেই চূড়ান্ত সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্যৰে অসমৰ সমাজত বিভাজনৰ অপচেষ্টাত লিপ্ত হৈছে।
আৰু তাত খাৰ-পানী যোগাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশ বিজেপিৰ নেতাই। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ আগমণৰ লগে লগে আজমলে পুনৰ আৰম্ভ হৈছে সেই একেই অপচেষ্টা।
অৱশ্যে তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা এক সাম্প্ৰদায়িক মন্তব্যৰ উত্তৰ দিবলৈ গৈ এইবাৰ আজমলে আওৰালে ভাতৃত্ববোধৰ বাণী। ক'লে তেওঁৰ হেনো দুখ লাগিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত অসমীয়া মানুহে কাম নকৰে বুলি কৈ, অসমীয়া আৰু মিঞাৰ মাজত প্ৰতিযোগিতা হ'ব বুলি মন্তব্য কৰিছিল। এই মন্তব্যৰে প্ৰতিক্ৰিয়া দি আজমলে কৈছিল অসমত মিঞা নাথাকিলে অসমীয়া নাথাকিব।
ইয়াৰোপৰি আজমলে মূল্য বৃদ্ধিৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীক আক্ৰমণ কৰাৰ লগতে কেতবোৰ বিতৰ্কিত মন্তব্য কৰে। আজমলৰ সেই প্ৰতিক্ৰিয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, আজমলৰ সেই মন্তব্যক অসমীয়া ৰাইজে অপমান হিচাপে ল'ব লাগে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ময়ো অনুভৱ কৰো যে, আজি অসমত ঈদৰ দিনা গোটেই বাছ বিলাক নোহোৱা হৈ যায়। আচলতে আজমলে ইতিকিং কৰিছে। অসমীয়া মানুহে যে কাম নকৰে আৰু মিঞাই যে অলপ কাম বেছিকৈ কৰে সেয়াতো আজিৰ দিনত আমি অস্বীকাৰ কৰিব নোৱাৰো।
ঈদৰ দিনত গুৱাহাটীত যানজঁট নাথাকে। শাক, পাচলিৰ বেপাৰীৰ পৰা ট্ৰাক, বাছ, অটো, অ'লা- উবেৰ, ৰিক্সা চলোৱা কাম বিলাক কোনে কৰে? মিঞা বেপাৰীয়ে অসমীয়াৰ পৰা বেছিকৈ দাম লোৱা বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে তেওঁ উজনি অসমৰ যুৱক ওলাই আহিলে ১ টা বছৰত মিঞাক ক্লীন কৰি দিম বুলিও এক মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আজমলে আজি কয়, এনেধৰণৰ কথা এজন মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে।
আজমলে কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ মুৰব্বী। বেয়া পাইছো। দুখ লাগিছে। আজমলে কয়, মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰি অসমীয়া আৰু মিঞাসকলৰ মাজত বিভাজন লগাই আছে। যদি এই মন্তব্যৰ বাবে কোনো ঠাইত কোনো ঘটনা সংঘটিত হয় তেন্তে ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰ জগৰীয়া হ'ব।
ইফালে তেওঁ মাংস সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক পুনৰ দোহাৰি কয়, যাৰ যি ইচ্ছা সেই মাংসই খাব। অসমীয়াই খেতি কৰা বিষয়টোক তেওঁ আদৰণি জনাই কয়, খেতি কৰিলে ভাল কথা। কিন্তু কৰিব পাৰিব বুলি তেওঁ নাভাৱে। খেতি কৰিবলৈ বহু কষ্ট কৰিব লাগিব।
Also Read: ভংগ হ'ব পাৰে একনাথ সিন্দে চৰকাৰঃ বিধায়ক পদ খাৰিজ সন্দৰ্ভত SCৰ জাননী...