বাইহাটাত মাছ মাৰিবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি...

বাইহাটাত মাছ মাৰিবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি...

author-image
Asomiya Pratidin
New Update
বাইহাটাত মাছ মাৰিবলৈ গৈ তিনি কিশোৰৰ সলিল সমাধি...

ডিজিটেল সংবাদ দুমুনিচকীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ নিজমদাৰতলা গাঁৱত আজি বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়। মাছ মাৰিবলৈ গৈ এটা পৰিয়ালৰ দুই পুত্ৰসহ তিনিটা কিশোৰৰ পুখুৰীত পৰি সলিলসমাধি ঘটে। জানিব পৰা মতে আজি দিনৰ প্ৰায় ১২ বজাত নিজ ঘৰৰ পৰা তিনিওটা কিশোৰে পথাৰলৈ মাছ মাৰিবলৈ ওলাই যায়। কিন্তু বিয়লিলৈকে তিনিওটা কিশোৰ ঘৰলৈ উভতি নহাত পৰিয়াল তথা প্ৰতিবেশী লোকে বিচাৰ-খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে।

তেনে সময়তে গাঁওখনৰ গোপাল থানৰ সমীপত এক্সকেভেটৰেৰে খন্দা এটা দ পুখুৰীৰ পৰা বিয়লি প্ৰায় ৪.৩০ বজাত স্থানীয় লোকে তিনিওটা কিশোৰক মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত কিশোৰ তিনিটা ক্ৰমে নিজমদাৰতোলা গাঁৱৰ গাওঁপ্ৰধান লক্ষ্যধৰ ডেকাৰ দুই পুত্ৰ তথা কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আকাশদ্বীপ ডেকা ওৰফে হিমাংশু (১৬) আৰু কনিষ্ঠ পুত্ৰ তথা আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ ডেকা (৯) লগতে একেখন গাঁৱৰে দিনহাজিৰা কৰ্মী তৰণী বৈশ্যৰ একমাত্ৰ পুত্ৰ তথা আগডলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ বৈশ্য (১২) বুলি জানিব পৰা গৈছে।

বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী তথা কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত উক্ত ঘটনাই শোকৰ ছাঁ পেলাইছে। বিয়লি  ঘটনা স্থলীত কমলপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ তিনিওটা কিশোৰৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Also Read: বৰহোলাত এইচ আই ভি সজাগতা অভিযান...

বাইহাটা চাৰিআলি