বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ ৩ জন আটক....

বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ  ৩ জন আটক....
বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ ৩ জন আটক....
Published on
Updated on

ডিজিটেল ডেস্কঃ বজালী কাণ্ড সন্দৰ্ভত CIDৰ জেৰাত ন ন তথ্য ফাদিল। ৰবিউলৰ বাসগৃহত চলা অভিযানৰ GD Entry (সাধাৰণ ডায়েৰীত গোচৰৰ সাম্যক বিৱৰণ) কৰিছিল বজালী আৰক্ষীয়ে। LC অনন্ত মালাকাৰে লিখিছিল সমগ্র ভুৱা গোচৰ।

১৬ জুলাইত পাঠশালা থানাত নিযুক্তি পাইছিল অনন্ত মালাকাৰে। ৰবিউলৰ বাসগৃহ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত আছিল। আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইয়ে অনন্ত মালাকাৰক মাতি আনিছিল ভৱানীপুৰলৈ।

এই GD Entry জৰিয়তে এখন তালিকা তৈয়াৰ কৰিছিল ডিএছপি পুস্কল গগৈয়ে। অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্রী সোণোৱালেও সহযোগ কৰিছিল তালিকা। তৈয়াৰ কৰাত। এইবোৰৰ বিষয়ে CIDএ উপযুক্ত তথ্য প্রমাণ লাভ কৰিছিল।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাই, অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল, ডিএছপি পুস্কল গগৈ, আইচি দেৱজিৎ গিৰিক, এছপিৰ গাড়ী চালক সহ মুঠ ৭জনক।

তাৰপাছতে বৃহস্পতিবাৰে ভুৱা GD Entry লিখাৰ অভিযোগত LC মালাকাৰক লৈ অহা হৈছে CID কাৰ্যালয়লৈ। LC অনন্ত মালাকাৰক শীঘ্রেই গ্রেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা আছে।

CIDয়ে আটক কৰিছে SP বুঢ়াগোহাঁইৰ দেহৰক্ষীকো। ছহিদুল ইছলাম, অনন্ত মালাকাৰে স্বীকাৰ কৰিছে সমগ্র কেলেংকাৰীৰ কথা। কেলেংকাৰীৰ সবিশেষ স্বীকাৰ কৰিছে LC ভৱানীপুৰ চানুৱাৰ হুছেইন আহমেদও। আৰক্ষী অধীক্ষকৰ PSO প্রাঞ্জল পাটৰেও স্বীকাৰ কৰিছে কেলেংকাৰী কথা। এই সন্দৰ্ভত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

বজালী কাণ্ডৰ ন ন তথ্য পোহৰলৈঃ  ৩ জন আটক....
সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in