অসম
পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন, চিনাক্ত হোৱা নাই পৰিচয়
বজালীৰ পাঠশালাত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন।
দুজনৰ অৱস্থা অতি সংকটজনক ।
হাউলী ৰোডত এখন চাৰিচকীয়া বাহনে এজন লোকক খুন্দিয়াই পিছত বৈদ্যুতিক খুটাত খুন্দা মাৰে।
পৰিণতিত থিতাতে নিহত হয় লোকজন।
দুৰ্ঘটনা সংঘটিত কৰা DUSTER বাহন খনৰ নং - AS01B - J3035 ।
মৃত লোকজন এতিয়া লৈ চিনাক্ত হোৱা নাই ।
আনহাতে বাহনখনত থকা লোক দুজনো আহত হৈছে।
ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
ইতিমধ্যে পাঠশালা আৰক্ষী উপস্থিত হৈছে।