সুকুমাৰ বসুমতাৰীক স্মৰণ কৰিবলৈ আহ্বান বাক্সা জিলা বড়ো সাহিত্য সভাৰ

বাক্সা জিলা বড়ো সাহিত্য সভাই এই বৰ্ষৰ পৰা মুছলপুৰ মহকুমা অন্তৰ্গত  প্ৰতিটো প্ৰাথমিক বড়ো সাহিত্য সভাক অহা ১৪ নবেম্বৰত বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ মৃত্যু দিনটো পালন কৰিবলৈ আজি বাক্সা

author-image
Asomiya Pratidin
New Update
সুকুমাৰ বসুমতাৰীক স্মাৰন কৰিবলৈ আহ্বান  বাক্সা জিলা বড়ো সাহিত্য সভাৰ ।

ডিজিটেল সংবাদ, বাক্সাঃ  বাক্সা জিলা বড়ো সাহিত্য সভাই এই বৰ্ষৰ পৰা মুছলপুৰ মহকুমা অন্তৰ্গত  প্ৰতিটো প্ৰাথমিক বড়ো সাহিত্য সভাক অহা ১৪ নবেম্বৰত বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ মৃত্যু দিনটো পালন কৰিবলৈ আজি বাক্সা জিলা বড়ো সাহিত্য সভাৰ সম্পাদক হেমেন দেউৰীয়ে এক পত্ৰ যোগে আহবান জনাইছে ।

উল্লেখ্য যে বড়ো লোক সাহিত্য সাধক সুকুমাৰ বসুমতাৰীৰ মৃত্যুৰ দিন ১৪ নবেম্বৰ দিনাখন বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাই ২০০৬ চনৰ পৰা সুকুমাৰ বসুমতাৰীৰ বিষয়ে আলোচনা চক্ৰ,  সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি উদযাপন কৰি আহিছে ।

এই বৰ্ষৰ ১৬ নবেম্বৰত বৰমা ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহত বড়ো সাহিত্য দিবসৰ দিনা বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰীৰ স্মাৰনত তেওঁৰ বিষয়ে কবিতা আবৃত্তিৰ আয়োজন কৰিছে বুলি দেওবাৰ ৰামছিয়াৰী আৰু কুল'ৰাম ব্ৰহ্মই জানিবলৈ দিছে । ইচ্ছুক কবি সকলক যোগাযোগ কৰিবলৈ তেওঁলোক দুয়ো আহ্বান জনাইছে ।

মুছলপুৰ