বাক্সাত ছাত্ৰ নিৰ্যাতন ঘটনাঃ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰ

বাক্সাত ছাত্ৰ নিৰ্যাতন ঘটনাঃ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰ
Published on
Updated on

ডিজিটেল সংবাদ, মুছলপুৰঃ বাক্সাত পুনৰ শিক্ষকৰ প্ৰহাৰত আহত এজন ছাত্ৰ ৷ তিনিদিন পূৰ্বে শিক্ষকৰ প্ৰহাৰত এগৰাকী ছাত্ৰৰ হাত ভাঙি যোৱা ঘটনাৰ পাছত পুনৰ আন এগৰাকী ছাত্ৰ শিক্ষকৰ প্ৰহাৰত আহত হৈ চিকিৎসাধীন হ'বলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ নিকটৱৰ্তী গাৰামদেও হাইস্কুলত ৷

শিক্ষকৰ উপৰ্যুপৰি প্ৰহাৰত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হয় ৷ জানিব পৰা মতে বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে পিন্ধি থকা চেণ্ডেলযোৰ আন এগৰাকী ছাত্ৰই ধেমালীৰ চলেৰে অন্য এটা শ্ৰেণী কোঠাত থৈ আহিছিল ৷ ছাত্ৰজনে নিজৰ চেণ্ডেলযোৰ আনিব যোৱাত প্ৰধান শিক্ষয়ত্ৰী ৰিতা মিশ্ৰ আৰু ব্ৰজেন তালুকদাৰ নামৰ সহকাৰী শিক্ষকগৰাকীয়ে কোনো সোধপোচ নকৰাকৈ ছাত্ৰজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ৷

ইয়াৰ পাছতে বিদ্যালয়ৰ ছুটিৰ পাছত ছাত্ৰজন ঘৰলৈ গৈ অসুস্থ হৈ পৰে ৷ পৰিয়ালে ততাতৈয়াকৈ মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে অসুস্থ ছাত্ৰজনক ৷ হাত, ভৰি আৰু পিঠিকে ধৰি বিভিন্ন স্থানত ছাত্ৰজনক প্ৰহাৰ কৰা স্পষ্ট চিন আছে। ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ পিতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- এই সন্দৰ্ভত প্ৰথমে ৰাজহুৱা বিচাৰ দিম ৷ যহিহে কোনো ন্যায় নাপাও তেন্তে আইনৰ সহায় লবলৈ বাধ্য হম ৷

বাক্সাত ছাত্ৰ নিৰ্যাতন ঘটনাঃ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰ
লাখ টকা দাবী কৰি চিবিআইৰ জালত এফচিআই বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in