ডিজিটেল সংবাদ, লামডিং : দেশৰ সাধাৰণ বাজেত সদনত উপস্থাপন কৰাৰ পিছতে শুক্ৰবাৰে বিয়লি ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নৰ্থ ইষ্ট ৰেলৱেৰ সৈতে এখনি ভিডিঅ' কনফাৰেঞ্চত অংশ লয় ৷ উক্ত ভিডিঅ' কনফাৰেঞ্চত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মহা প্ৰৱন্ধক তথা লামডিং, আলিপুৰদুৱাৰ, ৰঙিয়া, তিনিচুকীয়া ৰে'ল মণ্ডলৰ প্ৰৱন্ধক সকল উপস্থিত থকাৰ লগতে স্থানীয় সাংবাদিক সকলেও অংশ লয় ৷
ভিডিঅ' কনফাৰেঞ্চ খনিৰ আত ধৰি ৰে'ল মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে যে বিগত দহ বছৰতকৈ এইবাৰ বহুগুণে বেছিকৈ ধন আবন্টন কৰিছে উত্ত পূৱৰ ৰাজ্য সমূহৰ ৰে'ল বিভাগলৈ ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰায় ১০ হাজাৰ কোটি টকাৰো অধিক আৱন্টন কৰাৰ লগতে প্ৰায় ৫৯ টাকৈ নতুন আৰু পুৰণা ৰেলৱে ষ্টেনক নতুন ৰূপ দিয়াৰ কথাও ঘোষণা কৰে ৷ আনফালে অতি শীঘ্ৰে অসমৰ সৈতে সংযোজন কৰিব বৈদ্যুতিক পদ্ধতিত চলা ৰে'লসেৱা ৷
ইয়াৰোপৰি কেইবা খনো নতুন ৰে'লসেৱা মুকলি কৰাৰ লগতে নৰ্থ ইষ্টৰ সৈতে সংযোগ স্থাপন কৰিব দেশৰ প্ৰতিখন ৰে'ল ৷ ৰে'লমন্ত্ৰীগৰাকীৰ কনফাৰেঞ্চৰ পিছতেই লামডিং মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে আয়োজন কৰে সংবাদ মেল ৷
উক্ত সংবাদ মেলখনত পাহাৰীয়া অঞ্চল ডিমাহাচাও জিলাৰ উন্নয়নৰ লগতে অসম তথা লামডিং ডিভিজনৰ বাবেও বাজেটত লোৱা হৈছে নতুন নতুন পৰিকল্পনা ৷ অতি শীঘ্ৰে 'বন্দে ভাৰত এক্সপ্ৰেছ' অসমত চলিব বুলিও জনায় প্ৰৱন্ধক গৰাকীয়ে ৷