ডিজিটেল ডেস্কঃ আজি ছেপ্টেম্বৰৰ অন্তিম দিন। কালিলৈ ১ অক্টোবৰ। ২ অক্টোবৰ, বুধবাৰে মহালয়া। অৰ্থাৎ ২ অক্টোবৰত ধৰালৈ নামিব দেৱী দুৰ্গা। লগে লগে আৰম্ভ হ’ব শাৰদীয় দুৰ্গোৎসৱ।
অক্টোবৰ মাহটোত দুৰ্গা পূজাৰ উপৰিও আছে লক্ষীপূজা, কালীপূজা, কাতি বিহু আদি। তাৰোপৰি আছে সপ্তাহিক বন্ধৰ উপৰিও কেইবাটাও চৰকাৰী বন্ধ। সেয়ে বিত্তীয় লেনদেনৰ যদি অতি জৰুৰী কাম আছে শীঘ্ৰেই সমাধা কৰি লওক।
কিয়নো সকলোবোৰ মিলাই অক্টোবৰ মাহটোৰ প্ৰায় আধাখিনি সময়ে বেংকসমূহ বন্ধ থাকিব। ৰিজাৰ্ভ বেংকৰ ছুটিৰ তালিকা অনুসৰি দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ মিলাই অক্টোবৰ মাহত মুঠ ১৫ দিন বেংকসমূহ বন্ধ থাকিব।
এই বন্ধৰ দিন কেইটাৰ ভিতৰত আছে চাৰিটা দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ মিলাই মুঠ ৬ টা দিন। ২ অক্টোবৰত মহালয়াৰ উপৰিও আছে গান্ধী জয়ন্তী। সেয়ে এই দিনটোত চৰকাৰী বন্ধৰ বাবেই বেংকসমূহো বন্ধ থাকিব।
অন্যান্য উৎসৱৰ বন্ধৰ ক্ষেত্ৰত অৱশ্যে ৰাজ্যভেদে বন্ধৰ দিন সালসলনি হ’ব। ১০ অক্টোবৰ, বৃহস্পতিবাৰে দুৰ্গা পূজাৰ সপ্তমিৰ বাবে পশ্চিমবংগ, কলকাতা, অসম, কোহিমা আদিৰ বেংকসমূহৰ কৰ্মচাৰীয়ে ছুটি লাভ কৰিব। সেয়ে ইয়াৰ বেংকসমূহ বন্ধ থাকিব।
১১ আৰু ১২ অক্টোবৰতো অহা অষ্টমী আৰু নৱমীৰ বাবে বেংকসমূহ বন্ধ থাকিব। ১১ অক্টোবৰত ছিকিম, বেংগালুৰু, ভূৱনেশ্বৰ, চেন্নাই, ৰাঁচী আদিতো বেংক বন্ধ থাকিব। ১৬ অক্টোবৰত আছে লক্ষীপূজা।
তাৰ পাছত ৩১ অক্টোবৰত আছে দেৱালী আৰু কালী পূজা। সেয়ে এই দুটা দিনটো বেংকসমূহ বন্ধ থাকিব। ৬, ১৩, ২০ আৰু ২৭ অক্টোবৰ দেওবাৰ। ১২ আৰু ২৬ অক্টোবৰত ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ দেওবাৰ।
৩ অক্টোবৰত আকৌ নৱৰাত্ৰি উপলক্ষে জয়পুৰৰ বেংকসমূহ বন্ধ থাকিব। ১৭ অক্টোবৰত অহৰ্ষি বাল্মীকি জয়ন্তী, কাতি বিহুৰ বাবে বেংগালুৰু আৰু অসমত বেংকসমূহ বন্ধ থাকিব।
সেয়ে অক্টোবৰ মাহত বিত্তীয় কামৰ ক্ষেত্ৰত হেলা নকৰি বেংক খোলাৰ লগে লগেই সমাধা কৰিবলৈ চেষ্টা কৰক। অৱশ্যে এ টি এমসমূহ খোলা থাকিব আৰু অনলাইন লেনদেনৰো সু-ব্যৱস্থা থকাৰ বাবে গ্ৰাহকসকলৰ বৰ বেছি অসুবিধা নহ’ব।
অক্টোবৰ মাহটোৰ বাবে ৰিজাৰ্ভ বেংকৰ বন্ধৰ সম্পূৰ্ণ তালিকা
-
১ অক্টোবৰঃ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন উপলক্ষে ভোটগ্ৰহণ হ'বলগীয়া জিলাত বেংক বন্ধ
-
২ অক্টোবৰঃ গান্ধী জয়ন্তী আৰু মহালয়া
-
৩ অক্টোবৰঃ নৱৰাত্ৰী (ৰাজস্থান)
-
৬ অক্টোবৰঃ দেওবাৰ
-
১০ অক্টোবৰঃ দুৰ্গাপূজাৰ সপ্তমী
-
১১ অক্টোবৰঃ অষ্টমী/নৱমী
-
১২ অক্টোবৰঃ বিজয়া দশমী
-
১৩ অক্টোবৰ দেওবাৰ
-
১৪ অক্টোবৰঃ পূজা উপলক্ষে ছিকিমৰ বেংক বন্ধ
-
১৬ অক্টোবৰঃ লক্ষীপূজা
-
১৭ অক্টোবৰঃ মহৰ্ষী বাল্মীকি জয়ন্তী, কাতি বিহু (কৰ্ণাটক, অসম, হিমাচল)
-
২০ অক্টোবৰঃ দেওবাৰ
-
২৬ অক্টোবৰঃ চতুৰ্থ শনিবাৰ
-
২৭ অক্টোবৰঃ দেওবাৰ
-
৩১ অক্টোবৰঃ কালীপূজা/দেৱালী
Also Read: এইবাৰ কাণপুৰত আহিছে ৰাণৰ বৰষুণঃ ভাৰতে গঢ়িছে এটাৰ পাছত এটা অভিলেখ...