Advertisment

বৰমাত প্ৰথম ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি

বৰমাত প্ৰথম ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি

author-image
Asomiya Pratidin
New Update
বৰমাত প্ৰথম ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ,বৰমা: বাক্সা জিলাৰ বৰমাত পোন প্ৰথমবাৰৰ বাবে ৰাস উদয‍াপনৰ ব্যাপক প্ৰস্তুতি চলোৱ‍া হৈছে। ৭দিনীয়া কাৰ্যসূচীৰে বৰমাত ৰাস মহোৎসৱ পালন কৰিব বুলি মন্তব্য কৰিছে উদ্যোক্তা সমিতিয়ে। অহা ১৫ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ চলিব ৰাস মহোৎসৱ। সকলো ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতিত কামনা কৰিছে উদোক্তা সমিতিয়ে।

Advertisment

সেই উদ্দেশ্যে ৬অক্টোবৰত বৰমাত ৰাস মহোৎসৱ উদযাপন সমিতিয়ে অস্থায়ী কাৰ্যালয় মুকলি কৰে উদযাপন সমিটিৰ সভাপতি অমৃত শৰ্মাই ৷ কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত তেওঁ কয় যে, বৰমাৰ ৰাইজে বহুদিন অপেক্ষা কৰি থকা এটা উৎসৱ বাস্তৱত হবলৈ গৈ আছে ৷

লগতে কয় যে,এই অঞ্চল যাতে কৃষ্ণ ৰসেৰে ভৰি থাকে তাৰে কামনা কৰিছে। আমি বৰমাবাসী ৰাইজে অঞ্চলটোৰ গাঁওসমূহ লগত লৈ এই ৰাস পূজা কৰিবলৈ আগবাঢ়িছো ৷ ৰাস উপলক্ষে স্থায়ী সদস্য অন্তৰ্ভুক্ত কৰাৰো কমিটিয়ে ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে ৷

Also Read: কেপ- কেয়াৰ ফাইণ্ডেচন আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ উদ্যোগত ‘হোচপিচ এণ্ড পেলিয়েটিভ কেয়াৰ দিৱস‘ পালন

barama