ডিজিটেল সংবাদ,বাক্সাঃ বৰমাৰ সোমাজেৰে বৈ যোৱা মৰা পাগলদিয়া নৈত শনিবাৰে পৰম্পৰাগতভাবে দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয় ৷ ৯১ সংখ্যক বাৰোৱাৰী দুৰ্গা পূজা কমিটিয়ে বৰমাৰ সোমাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে শোভাযাত্ৰা উলিয়াই বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ কাষেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত দেৱী বিসৰ্জন দিয়ে ৷
বৃহত্তৰ বৰমাবাসী ৰাইজে পৰম্পৰাগতভাবে দছেৰা উৎসৱৰ দিনটোত ৰাৱন দাহণ কৰে। বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১০০ ফুট উচ্চতাৰে সাজি উলিওৱা ৰাৱণৰ মুৰ্ত্তি আনুষ্ঠানিকভাবে দাহণ কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে। তেওঁক সংগ দিয়ে বৰমা সমষ্টিৰ বিধায়ক ভুপেন বড়োৱে ৷ ৰাৱন দাহণ কাৰ্য্যসূচীত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰে ৷