বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাত কোন দিনা কোনখন নাট প্ৰদৰ্শিত হ'ব সম্পূৰ্ণ সূচী

author-image
Asomiya Pratidin
New Update
বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাত কোন দিনা কোনখন নাট প্ৰদৰ্শিত হ'ব সম্পূৰ্ণ সূচী

ডিজিটেল ডেস্ক : গৌৰৱোজ্জ্বল ২২৬ বছৰ গৰকা বাৰে চহৰীয়া ভাওনা মহোৎসৱ, ২০২৩ ৬ মাৰ্চৰ, ২০২৩ ৰ পৰা আৰম্ভ হ'ব । জামুগুৰিহাটৰ পকামূৰা পথাৰত ৯ মাৰ্চলৈ ৪ দিন ধৰি চলিব এই মহোৎসৱ । প্ৰস্তুতি প্ৰায় সাজু হৈছে । পৰিৱেশ্য কলা ৰূপে গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাট ভাওনা প্ৰদৰ্শন হ'ব এই মহোৎসৱত । ভাওনাৰ বাবে সাজু কৰা হৈছে ২১ খন খলা । এই ২১ খন খলাত প্ৰতিখনতেই ২খনকৈ ভাওনা প্ৰদৰ্শিত কৰিব । ৭ মাৰ্চত ভাওনা উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৮ মাৰ্চত ভাওনা উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ।

এই দুই নিশা ২১ খন খলাত প্ৰদৰ্শিত হ'ব লগা মুঠ ৪২ খন নাটৰ সূচী এনেধৰণৰ -

  • ১ নং খলাত প্ৰথম নিশাৰ নাট ৰাম বিজয় অংকীয়া নাট, দ্বিতীয় নিশাৰ নাট নৃসিংহ যাত্ৰা ।

  • ২ নং খলাত প্ৰথম নিশাৰ নাট কৰ্ণপৰ্ব, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ

  • ৩ নং খলাত প্ৰথম নিশাৰ নাট সীতা হৰণ বালি বধ, দ্বিতীয় নিশাৰ নাট ৰাৱণ বধ

  • ৪ নং খলাত প্ৰথম নিশাৰ নাট দক্ষ যজ্ঞ, দ্বিতীয় নিশাৰ নাট অহিসূৰ মহিসূৰ বধ

  • ৫ নং খলাত প্ৰথম নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ, দ্বিতীয় নিশাৰ নাট সুচিত্ত বিচিত্ৰ উপাখ্যান

  • ৬ নং খলাত প্ৰথম নিশাৰ নাট ৰাম বিজয়, দ্বিতীয় নিশাৰ নাট কৰ্ণপৰ্ব

  • ৭ নং খলাত প্ৰথম নিশাৰ নাট মেঘনাদ বধ, দ্বিতীয় নিশাৰ নাট বাণ ৰজাৰ পৰাজয় হৰি হৰৰ যুদ্ধ

  • ৮ নং খলাত প্ৰথম নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ, দ্বিতীয় নিশাৰ নাট কীৰাট পৰ্ব

  • ৯ নং খলাত প্ৰথম নিশাৰ নাট নাগৰাজ বাসুকী, দ্বিতীয় নিশাৰ নাট হৰিচন্দ্ৰ উপাখ্যান

  • ১০ নং খলাত প্ৰথম নিশাৰ নাট সীতাহৰণ বালিবধ, দ্বিতীয় নিশাৰ নাট অশ্বকৰ্ণ জংঘাসুৰ বধ

  • ১১ নং খলাত প্ৰথম নিশাৰ নাট দ্ৰোণপৰ্ব,  দ্বিতীয় নিশাৰ নাট দ্ৰোণপৰ্ব

  • ১২ নং খলাত প্ৰথম নিশাৰ নাট যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ

  • ১৩ নং খলাত প্ৰথম নিশাৰ নাট  ধৃতৰাষ্ট্ৰৰ দিগ্ববিজয়, দ্বিতীয় নিশাৰ নাট গজকেতু উপাখ্যান

  • ১৪ নং খলাত প্ৰথম নিশাৰ নাট ৰা‍ম বিজয়, দ্বিতীয় নিশাৰ নাট যুধিষ্ঠিৰ ৰাজসুয় যজ্ঞ

  • ১৫  নং খলাত প্ৰথম নিশাৰ নাট সীতা হৰণ বালি বধ, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ

  • ১৬  নং খলাত প্ৰথম নিশাৰ নাট কৰ্ণপৰ্ব, দ্বিতীয় নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ

  • ১৭ নং খলাত প্ৰথম নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ, দ্বিতীয় নিশাৰ নাট কাৰ্ত্তবীৰ্য্য অৰ্জুন বধ

  • ১৮ নং খলাত প্ৰথম নিশাৰ নাট  দেৱী দানৱৰ যুদ্ধ, দ্বিতীয় নিশাৰ নাট দেৱী দানৱৰ যুদ্ধ

  • ১৯ নং খলাত প্ৰথম নিশাৰ নাট পাৰিজাত হৰণ, দ্বিতীয় নিশাৰ নাট  কৰ্ণপৰ্ব

  • ২০ নং খলাত প্ৰথম নিশাৰ নাট মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ, দ্বিতীয় নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ

  • ২১ নং খলাত প্ৰথম নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ, দ্বিতীয় নিশাৰ নাট কুৰু পাণ্ডৱৰ অস্ত্ৰ শিক্ষা, দ্ৰুপদৰ পৰাজয়

bhaona