বঢ়মপুৰত নৱসূৰুজ গোষ্ঠীৰ "নাট আৰু নৃত্য" কৰ্মশালা...

২০১২ বৰ্ষৰ পৰাই বঢ়মপুৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দিশত থকা প্রতিভাসমূহ বিকশিত কৰাৰ মানসেৰে অনুষ্ঠিত কৰি অহা হৈছে কৰ্মশালা

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত নৱসূৰুজ গোষ্ঠীৰ "নাট আৰু নৃত্য" কৰ্মশালা...

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান নৱসূৰুজ গোষ্ঠী আৰু শ্বহীদ পুথিভঁৰালৰ ব্যৱস্থাপনাত ৩ জুলাইৰ পৰা বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত চলি থকা "নাট আৰু নৃত্য" কৰ্মশালাৰ শনিবাৰে অন্ত পৰে। ২০১২ বৰ্ষৰ পৰাই বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন দিশত থকা প্রতিভাসমূহ বিকশিত কৰাৰ মানসেৰে এনেদৰে অনুষ্ঠিত কৰি অহা হৈছে কৰ্মশালা।

এইবাৰৰ কৰ্মশালাত যোগাসন, সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, নাটক , ঢোলবাদন, বিহুনাচ, তবলাবাদন, কবিতা আবৃত্তি, সুন্দৰ হাতৰ আখৰ লিখন আৰু হস্তশিল্প আদি অন্তৰ্ভুক্ত কৰি অভিজ্ঞ আৰু প্ৰতিষ্ঠিত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। কৰ্মশালাৰ অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলে দেওবাৰে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠানৰ বাবে সৰ্বস্ব উজাৰি দিব পৰাকৈ সাজু হৈছে। ইফালে প্ৰশিক্ষাৰ্থীসকলক যথেষ্ঠখিনি আগবঢ়াই নিব পৰাত সন্তুষ্টি লাভ কৰিছে প্রশিক্ষকসকলেও।

Also Read: ইংলেণ্ডৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা টপ ৰেংকৰ প্ৰথম স্থান প্ৰাপ্ত হিমাশ্ৰী বৰুৱাক সম্বৰ্ধনা...

culture workshop