বৰপেটাত ২.৫ লক্ষাধিক টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে নিশা এক অভিযান চলাই কমেও আঢ়ৈ লাখ টকা মূল্যৰ ৩৩গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। এক সূত্ৰৰ পম খেদি বৰপেটা পলিটেকনিক আৰু আদৰ্শ বিদ্যালয়ৰ সমীপত চলোৱা এক অভিযানত এজন যুৱকৰ পৰা তিনিটা চাবোনৰ বাকচত ভৰাই থোৱা ড্ৰাগছখিনি উদ্ধাৰ কৰা হয়।

গ্ৰেপ্তাৰ কৰা যুৱক বৰপেটাৰ গজিয়াৰ নিতুল কলিতা বুলি আৰক্ষীয়ে সদৰী কৰিছে। আৰক্ষীৰ তথ্য মতে আৰু কেইবাজনো যুৱক সেই সময়ত আছিল যদিও বাকীকেইজনে পলাই যাবলৈ সক্ষম হয়।

ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰীৰ লগত জড়িত যুৱক দলটোৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নিতুল কলিতাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে এখন মটৰ চাইকেলো জব্দ কৰিছে।

ei muhurtar khabar
আন্তৰ্জাতিক দবা দিৱস ২০২৪...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in