ডিজিটেল সংবাদ, সৰ্থেবাৰী : সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত তথা সহকাৰী উপ পৰিদৰ্শক হেমন্ত ডেকাসহ আৰক্ষীৰ এটি দলে চলোৱা অভিযানত বগচৰাৰ বজাৰগৃহৰ পৰা ৫জন জুৱাৰীক আটক কৰে। গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া চলোৱা এই অভিযানত জুৱাৰী কেইজনৰ পৰা নগদ ধন জব্দ কৰে আৰক্ষীৰ দলটোৱে।
ধৃত জুৱাৰী কেইটা হৈছে - বুঢ়ীখামাৰৰ বিল্লাল আলী, কালজাহী পথাৰৰ চংছেৰ আলী, যশোদা পামৰ ৰজৱ আলী, বগচৰাৰ আহমেদ আলী আৰু পিঠাদী পামৰ হজৰত আলী। জুৱাৰী কেইটাৰ পৰা তিনিটা মোবাইল ফোন, জুৱাত ব্যৱহৃত সামগ্ৰী, নগদ ৮,৩২০ টকা জব্দ কৰে আৰক্ষীয়ে। ধৃত জুৱাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে সৰ্থেবাৰী থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।
শনিবাৰে ধৃত জুৱাৰী কেইটাক বৰপেটা আদালতত হাজিৰ কৰাই আৰক্ষীয়ে। জুৱাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে চলোৱা এই অভিযানক প্ৰশংসা কৰে সচেতন মহলে।