পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৬১ সংখ্যক ওপজা দিন উদযাপন

পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৬১ সংখ্যক ওপজা দিন উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, পাঠশালা : ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালাত নটৰাজ থিয়েটাৰৰ জৰিয়তে মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰে জন্ম দিছিল প্ৰথমটো ভ্ৰাম্যমাণ দলৰ। এই ভ্ৰাম্যমাণ থিয়েটাৰ আজি সুদীৰ্ঘ পৰিক্ৰমাৰ পিছত এক বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে ।

আজি ২ অক্টোবৰৰ দিনাই পাঠশালা বজাৰ কমিটিয়ে উদযাপন কৰিলে ৬১ সংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপজা দিন । স্থানীয় নাট্য মন্দিৰত ভ্ৰাম্যমাণৰ মহীৰুহসকলক শ্ৰদ্ধা জনাই কেক কাটি উদযাপন কৰে এই বিশেষ দিনটো ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে শতাধিক সংস্কৃতিপ্ৰেমী ব্যক্তি । ইয়াৰ পিছতেই 'ভ্ৰাম্যমাণ কোন দিশে' আৰু 'নাটকৰ বাবে দৰ্শক নে দৰ্শকৰ বাবে নাটক' শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ ৬১ সংখ্যক ওপজা দিন উদযাপন
বোকাজানৰ খটখটীত দুই যৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in