সৰভোগৰ চেঙেলীয়াত কৃষি উন্নয়ন বিষয়াৰ পৰিদৰ্শন

সৰভোগৰ চেঙেলীয়াত কৃষি উন্নয়ন বিষয়াৰ পৰিদৰ্শন
Published on
Updated on

ডিজিটেল সংবাদ, সৰভোগঃ দৰিদ্ৰ কৃষকসকলে খেতি পথাৰত উপযুক্ত বীজ, ৰাসায়নিক সাৰ, আদিৰ যোগান ধৰিব নোৱাৰা সময়ছোৱাত মঙলবাৰে হঠাতে সৰভোগৰ চেঙেলীয়া গাৱৰ খেতি পথাৰত কৃষকসকলৰ দুদৰ্শাৰ বুজ লয় সৰভোগৰ কৃষি উন্নয়ন বিষয়া মৌচুমী গগৈ আৰু কৃষি সম্প্ৰসাৰণ কৰ্মী বুদ্ধদেৱ দাসে।

খেতিয়কসকলে ৰোপণ কৰা ধানৰ খেতি আৰু শাক-পাচলি বেঙেনা, বিলাহী, জলকীয়া,আদিৰ খেতিৰ বিষয়ে বুজ লয় কৃষি উন্নয়ন বিষয়া মৌচুমী গগৈ আৰু কৃষি সম্প্ৰাসাৰণ কৰ্মী বুদ্ধদেৱ দাসে । ইপিনে খেতি পথাৰত কেনেকৈ শস্য ৰোপণ, শস্যৰ যত্ন কৰিব লাগে তাৰে দিহা পৰামৰ্শ দিয়ে বিষয়া গৰাকীয়ে।

খেতিয়কসকলে খেতি কৰাত কিবা সমস্যা পালে সৰভোগৰ কৃষি উন্নয়ন বিষয়া কাৰ্য্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনায় বিষয়া দুগৰাকীয়ে । আনহাতে খেতিয়কসকলে বিষয়া দুগৰাকীৰ সন্মুখত তেওঁলোকৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰে । দিনে-নিশাই পৰিশ্ৰম কৰি হাজাৰ হাজাৰ টকা খৰচ কৰি বজাৰত উপযুক্ত মূল্যত বিক্ৰী কৰিব নোৱাৰে। বজাৰত পানীৰ দৰত বিক্ৰী কৰিব লগা হয় শাক-পাচলি। উচিত মূল্যত শাক-পাচলি বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা ল'বলৈ দৰিদ্ৰ কৃষকসকলে কৃষি মন্ত্ৰী অতুল বৰালৈ বাবে আহ্বান জনায়।

সৰভোগৰ চেঙেলীয়াত কৃষি উন্নয়ন বিষয়াৰ পৰিদৰ্শন
ফকৰুদ্দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in