গৌৰৱ গগৈৰ সংশোধন নোহোৱালৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম সম্ভৱ নহয়ঃ অখিল গগৈ

গৌৰৱ গগৈৰ সংশোধন নোহোৱালৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম সম্ভৱ নহয়ঃ অখিল গগৈ

author-image
Asomiya Pratidin
New Update
গৌৰৱ গগৈৰ সংশোধন নোহোৱালৈ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম সম্ভৱ নহয়ঃ অখিল গগৈ

ডিজিটেল সংবাদ,চেঙাঃ "৫ সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ সফল নহয়। কংগ্ৰেছে বিৰোধী ঐক্যমঞ্চক প্ৰতাৰণা কৰি ৫ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে যদিও তেওঁলোক সফল নহয়। কংগ্ৰেছৰ প্ৰতি এতিয়াও ৰাইজৰ আস্থা অহা নাই। অসমৰ ২০ শতাংশ লোকে চিৰকাল কংগ্ৰেছক ঘৃণা কৰে আৰু ভোট দিব নিবিচাৰে। কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে"- আজি কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

২০২৬ চনত ১২৬ টা সমষ্টিতে প্ৰাৰ্থী প্ৰদানৰ উদ্দেশ্যে আৰম্ভ কৰা সাংগঠনিক কাৰ্যসূচীৰ অংশ হিচাপে আজি বৰপেটাৰ চেঙাৰ বামুনদংৰাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ এই মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ লগতে কয় যে,বিশ্বাসঘাতকতাৰ ফল কংগ্ৰেছে নিজেই পাব। ২৬ত ১২৬ টা সমষ্টিতে ৰাইজৰ দলে প্ৰাৰ্থী দিব। পূৰ্বে কংগ্ৰেছৰ বাবেই অসমত সংগঠন কৰিব পৰা নাছিল ৰাইজৰ দলে।।

ইয়াৰোপৰি আজিৰ সভাত সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি লৈ কেইবাটাও মন্তব্য কৰে বিধায়ক অখিলে। তেওঁ কয়, গৌৰৱ গগৈয়ে আমাক বিশ্বাসঘাতকতা কৰিছে। গৌৰৱ গগৈয়ে বিৰোধী ঐক্যমঞ্চক অপমান কৰি বিহালী চীটতো কাঢ়ি লৈছে। মূলতঃ গৌৰৱ গগৈৰ অহংকাৰৰ বাবে তিনি গগৈৰ মাজত ভুল বুজাবুজি সৃষ্টি হৈছে। সেই ভুল বুজাবুজি গৌৰৱ গগৈয়েই নাইকীয়া কৰিব লাগিব। গৌৰৱ গগৈ যেতিয়ালৈকে সংশোধন নহ'ব তেতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম অসম্ভৱ।

akhil gogoi