দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ “আইৰন গাৰ্লছ“

ওজাপালি-দেওধনীক বিশ্বক্ষেত্ৰলৈ নিয়াৰ প্ৰয়াস পৰিচালক ৰাজেন দাসৰ
দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ “আইৰন গাৰ্লছ“
Published on
Updated on

ডিজিটেল সংবাদ,পাটাছাৰকুছি : দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমৰ “আইৰন গাৰ্লছ“ শীৰ্ষক ছবি। পদ্মশ্ৰী বঁটা প্ৰাপক লোকশিল্পী দ্ৰোণ ভূঞাৰ জীৱন চৰ্যা আৰু অসমৰ স্বৰ্ণিল লোককলা ওজাপালি -দেওধনীক বিশ্বক্ষেত্ৰলৈ নিয়াৰ সংকল্পৰে এই ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখন পৰিচালনা কৰিছে ৰাজেন দাসে।

উল্লেখ্য যে অধ্যাপক -পৰিচালক ৰাজেন দাসে ৩বছৰৰ গৱেষণাৰ অন্তত অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ নিৰ্মাণ কৰিছে। হিমাচল প্ৰদেশ চৰকাৰৰ,ভাষা-সংস্কৃতি বিভাগ,তথ্য আৰু সম্প্ৰচাৰ বিভাগ ,আদি কেবাটিও বিভাগৰ সহযোগত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱত “আইৰন গাৰ্লছ“ নিৰ্বাচিত হোৱাৰ আনুষ্ঠানিক খবৰে আনন্দিত কৰিছে পৰিচালকক।

মঙলবাৰে মেইলযোগে এই খবৰ লাভ কৰে পৰিচালক ৰাজেন দাসে। চিমলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অধ্যক্ষ হিচাপে সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ফ্লিম্‌ ডিভিচজনৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভি,এছ কুন্দুৱে ৷

উল্লেখ্য যে হিমাচল প্ৰদেশৰ ৰাজধানী চহৰ চিমলাৰ ঐতিহাসিক গেইটি থিয়েটাৰত এই মহোৎসৱ অহা ১৬,১৭ আৰু ১৮ আগষ্টত অনুষ্ঠিত হ'ব। অফিচিয়েল চিলেকচন লাভ কৰা দেশ বিদেশৰ চলচ্চিত্ৰ সমূহ প্ৰদৰ্শন হ'ব ৷

উল্লেখ্য যে বিগত বৰ্ষত এই মহোৎসৱত অসমৰ পৰা বিশিষ্ট পৰিচালক পাৰ্থজিৎ বৰুৱাৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ Brush Stroke আৰু পৰিচালক মঞ্জুুল বৰুৱাৰ বিশিষ্ট সংগীত শিল্পী প্ৰভাত শৰ্মাৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ POROBHAT - Of Folk and Flute প্ৰদৰ্শন হৈছিল ৷ ইতিমধ্যেই অসমৰ কেবাগৰাকীও সফল পৰিচালকে এই মহোৎসৱত খোজ পেলাইছে ৷

হিমাচল প্ৰদেশৰ পৰা ভাল খবৰ অহাত পৰিচালক ৰাজেন দাসে সন্তোষ প্ৰকাশ কৰি কয় -"আইৰন গাৰ্লছ“ৰ এয়া প্ৰথম যাত্ৰা ৷ছবিখন আৰু বহুদুৰ যাত্ৰা কৰিব বুলি মই আশাবাদী ৷ অসমৰ লোককলা দেওধনী -ওজাপালিক এতিয়া অসমৰ বাহিৰৰ দৰ্শকে প্ৰত্যক্ষ কৰিব ৷এয়া আমাৰ বাবে গৌৰৱৰ ক্ষণ ৷

উল্লেখ্য যে “আইৰন গাৰ্লছ“ৰ সহযোগী পৰিচালক মিনাক্ষী দাস ৷ ছবিখনত অভিনয় কৰিছে আশা বৰদলৈ,পদ্মশ্ৰী দ্ৰোণ ভূঞা,এন এচ ডিৰ স্নাতক মৃদুল বৰুৱা, নৱাগতা জেচমিন দাস, বিশাল স্বৰ্গীয়াৰী আদিয়ে ৷

পৰিচালক ৰাজেন দাসে চলচ্চিত্ৰখনত দৰঙৰ প্ৰকৃত দেওধনী শিল্পীসকলক হবহু ৰূপত চিত্ৰায়ন কৰিছে ৷ “আইৰন গাৰ্লছ“ হ’ল অসমৰ লোকশিল্প দেওধনী আৰু ওজাপালিৰ এক নিৰ্মোহ আৰু জীৱন্ত দলিল৷

এসময়ত দেওধনী শিল্পৰ লগত জড়িত নাৰীসকলে বহু প্ৰত্যাহ্বান নেওচি এই শিল্পক আগবঢ়াই নিব লগা হৈছিল ৷ সমাজত বহু সময়ত তেওঁলোকক অস্পৃশ্য জ্ঞান কৰা হৈছিল ৷ বহু অপবাদ জাপি দিয়া হৈছিল ৷

তথাপি তেওঁলোকে দেওধনী শিল্পক জীয়াই ৰাখিছিল ৷পদ্মশ্ৰী দ্ৰোণ ভূঞাৰ দৰে লোকশিল্পীয়ে গোটেই জীৱন এই শিল্পৰ নামতেই উছৰ্গা কৰিছিল ৷ সেই সকল সাহসী নাৰীৰ জীৱন গাঁথাৰেই পৰিচালক ৰাজেন দাসৰ সৃষ্টি “আইৰন গাৰ্লছ“৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰ্শকে অসমৰ এই স্বৰ্ণিল লোককলাৰ প্ৰতি আকৰ্ষিত হৈ গৱেষণাৰ এক নৱ্য ধাৰা মুকলি কৰিব বুলি আশা কৰা হৈছে ৷

দশম আন্তঃৰাষ্ট্ৰীয় চিমলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমৰ “আইৰন গাৰ্লছ“
ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ভলীবল ৰেফাৰী পৰীক্ষা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in