বৰপেটাত তাঁতীকুছিৰ উদ্যোগত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান

বৰপেটাত তাঁতীকুছিৰ উদ্যোগত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান

author-image
asomiyapratidin
New Update
বৰপেটাত তাঁতীকুছিৰ উদ্যোগত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান

ডিজিটেল সংবাদ, বৰপেটা: "অজ্ঞনতাক নেওঁচি পোহৰৰ সন্ধানত আগবঢ়া আৰু বিজ্ঞান প্ৰদীপ আহৰণ কৰা আমাৰ জীৱনৰ উদ্দেশ্য হব লাগে৷ এনে যাত্ৰাৰ বাহক হিচাপে গুৰুদুজনাই সত্ৰ-নামঘৰ চিহ্নিত কৰিছিল ৷ সত্ৰ- নামঘৰ আমাৰ বাবে মুক্ত বিশ্ববিদ্যালয় ৷সততা ,মানৱতা,দয়া ,প্ৰেম ,সকলো প্ৰাণীৰ প্ৰতি স্নেহ ,হিংসা ,দ্বেষ বৰ্জিত হৈ অহংকাৰ শূণ্য ,শান্ত সমাহিত জীৱনৰ সন্ধান দি আহিছে এই মুক্ত বিশ্ববিদ্যালয় স্বৰূপ সত্ৰ - নামঘৰ ৷সত্ৰ - নামঘৰ জাতিৰ হৃৎপিন্ড ,আৰু অসমীয়াৰ পৰিচয় ৷" এই মন্তব্য অনুভৱী লেখক ,বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা সত্ৰৰ নহাটী বাটচ'ৰা প্ৰাংগনত তাঁতীকুছিয়ে প্ৰদান কৰা সমাজ দৰদী মথুৰাপুৰী বঁটা গ্ৰহণ কৰি থানেশ্বৰ মালাকাৰে এইদৰে কয় ৷

বৰপেটাৰ সাংস্কৃতিক সামাজিক অনুষ্ঠান তাঁতীকুছিৰ উদ্যোগত বৰপেটাৰ সত্ৰৰ নহাটী বাটচ'ৰা প্ৰাংগনত অষ্টম বাৰ্ষিক বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায়৷ তাঁতীকুছি বঁটা প্ৰাপক প্ৰয়াত অৰ্জুন চন্দ্ৰ দাসৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে৷ হৰেকৃষ্ণ দাসে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠান নিকিতা দাসৰ বৰগীতেৰে আৰম্ভ হয়৷

বঁটা প্ৰদান অনুষ্ঠানত আই আই টি ইন্দোৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃশাংগী কাশ্যপক সম্বৰ্ধনা জনায় ৷ এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা মহকুমাৰ ভিতৰত গণিতত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত আশিক হুছেইনক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আনহাতে বৰপেটা মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দিয়া বায়নক সম্বৰ্ধনা জ্ঞাপন কৰে৷

উক্ত সভাত বিশিষ্ট সংগীতজ্ঞ, সত্যকৃষ্ণ মিশ্ৰক তাঁতীকুছি বঁটা প্ৰদান কৰা হয় ৷ সত্যকৃষ্ণ মিশ্ৰক চেলেং চাদৰ, বঁটা, মানপত্ৰ আৰু নগদ দহ হেজাৰ টকা প্ৰদান কৰে৷ এই সভাতেই অৰ্জুন দাস স্মৃতি বঁটা প্ৰদান কৰে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ তাৰকেশ্বৰ চৌধুৰীলৈ৷ বঁটাৰ সৈতে নগদ দহ হেজাৰ টকা, অংগ বস্ত্ৰ, মান পত্ৰ প্ৰদান কৰা হয় ৷ এই বঁটা প্ৰদান অনুষ্ঠানতেই অক্ষয় কুমাৰ মিশ্ৰ আৰু হিৰণ শইকীয়া লহকৰৰ দুখন গ্ৰন্থ উন্মোচন কৰে৷ আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস ,চলচিত্ৰ প্ৰযোজক কুশান চৌধুৰী ,প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ম পাঠক ,তাঁতীকুছিৰ আইনী উপদেষ্টা প্ৰদীপ কুমাৰ দাস ,বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ ,তাঁতীকুছিৰ সভাপতি কৃষ্ণকান্ত দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

Also Read: লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন

barpeta satra