বৰপেটাৰোডত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা

বৰপেটাৰোডত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা

Published on

ডিজিটেল ডেস্কঃ বৰপেটা ৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ দলঙৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাটোত থিতাতে নিহত হয় দুজন যুৱক ৷ নিশা বেকী দলঙৰ পৰা মটৰ চাইকেলেৰে বৰপেটাৰোডৰ নিজ ঘৰলৈ আহি থকা সময়তে দূৰ্ঘটনাত পতিত হৈ মৃত্যু হয় যুৱক দুজনৰ ৷

নিহত হোৱা যুৱক দুজন বৰপেটাৰোড শিমলাগুৰিৰ চবীন্দ্ৰ চৌধুৰী আৰু জ্যোতিনগৰৰ শ্যাম চৌধুৰী ওৰফে চিন্টু' ৷ জানিবপৰামতে চবীন্দ্ৰ চৌধুৰীয়ে ফাইনেঞ্চ কোম্পানীত কৰ্মৰত হৈ থকাৰ বিপৰীতে চিন্টুৱে প্লাম্বাৰৰ কাম কৰিছিল ৷ পথ দূৰ্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ বৰপেটাৰোডত শোকৰ ছাঁ পৰিছে ৷

বৰপেটাৰোডত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা
সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ছাত্ৰী জিৰণি কোঠা উদ্বোধন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in