বিশ্ব স্বীকৃতিৰ দৌৰত বৰপেটাৰ থলুৱা আতচবাজী...

বিশ্ব স্বীকৃতিৰ দৌৰত বৰপেটাৰ থলুৱা আতচবাজী...
Published on
Updated on

ডিজিটেল সংবাদ,বৰপেটা: প্ৰায় ১৪০ বছৰ গৰকা বৰপেটাৰ থলুৱা আতচবাজী অতি সম্প্ৰতি বিশ্বৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে "UNESCO"ই পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পাছত বৰপেটাৰ আতচবাজী উদ্যোগটোৰ লগত জড়িত থলুৱা শিল্পী আৰু কলা-কুশলীসকল আনন্দিত হৈ পৰিছে। লগতে চৰকাৰৰ এনে সিদ্ধান্তক বিভিন্ন সংগঠন আৰু ৰাইজে বিপুলভাৱে আদৰণি জনাইছে।

সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত শেহতীয়াভাৱে বৰপেটাৰ আতচবাজীৰ উদ্যোগক বিশ্ব মানদণ্ডৰ স্বীকৃতিৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু সংগীত নাটক অকাডেমীয়ে যুটীয়াভাৱে "UNESCO" লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

দীপাৱলীৰ এই বৰ্ণিল মূহুৰ্তত "UNESCO"ই বৰপেটাৰ দীপাৱলী আৰু আতচবাজী উদ্যোগক বিশ্ব মানদণ্ডৰ স্বীকৃতি দিয়াৰ বাবে অনুমোদন জনোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। বিবৃতিটোত হাউলী সংগ্ৰামী সতীৰ্থ সন্মিলনে সম্পূৰ্ণ সেউজ আৰু ১৪০ বছৰ পুৰণি সূত্ৰৰ জৰিয়তে প্ৰস্তুত কৰা বৰপেটাৰ থলুৱা আতচবাজী বৰ্তমানে ৰাজ্যখনত বায়ু আৰু শব্দ প্ৰদূষণৰ ভয়াৱহতা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰদূষণ ৰোধ কৰাৰ বাবে এনে আতচবাজী ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে।

আতচবাজী প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা পাত্ৰবোৰ মাটিৰে নিৰ্মাণ হোৱাৰ বাবে এইবোৰ পাত্ৰই প্ৰদূষণ আৰু পৰিৱেশ জীৱনৰ নিৰ্বাহৰ বাবে অনুকূল হিচাপে পৰিগণিত হৈছে। ৰাজ্যৰ বাহিৰৰ পৰা অহা আতচবাজীৰ পাত্ৰবোৰ এলুমিনিয়াম ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ ফলত সেইবোৰ আতচবাজী মানৱ জীৱনৰ বাবে অতি ভয়াৱহ হোৱাৰ লগতে প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি কৰিছে।

বৰ্তমান সমগ্ৰ অসমতে মৃৎ শিল্পৰ উদ্যোগৰ মৃত্যু যাত্ৰা আৰম্ভ হোৱাৰ সময়তে বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগৰ জৰিয়তে মৃৎ শিল্পটো জীয়াই থকাৰ লগতে এই শিল্পটোৰ লগত প্ৰায় ২৫০টা পৰিয়ালৰ ১০০০ লোকে কৰ্মসংস্থান লাভ কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ ৰাজ্যখনৰ অতি ভয়াৱহ নিবনুৱা সমস্যা লাঘব কৰাৰ ক্ষেত্ৰটো অৰিহণা আগবঢ়াইছে। এনে পৰিপ্ৰেক্ষিতত "UNESCO"ৰ দ্বাৰা বিশ্ব মানদণ্ডৰ স্বীকৃতি লাভ কৰিলে বৰপেটাৰ থলুৱা আতচবাজী আৰু অধিক প্ৰাণবন্ত হৈ উঠিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in