ভাৰত জন বিজ্ঞান যাত্ৰাৰ পাটাছাৰকুছিত ভ্রাম্যমাণ বিজ্ঞান মেলা সম্পন্ন...

ভাৰত জন বিজ্ঞান যাত্ৰাৰ পাটাছাৰকুছিত ভ্রাম্যমাণ বিজ্ঞান মেলা সম্পন্ন...
ভাৰত জন বিজ্ঞান যাত্ৰাৰ পাটাছাৰকুছিত ভ্রাম্যমাণ বিজ্ঞান মেলা সম্পন্ন...
Published on
Updated on

ডিজিটেল স’বাদ পাটাছাৰকুছিঃ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ উদ্যোগত তথা নেচনেল কাউন্সিল ফৰ ছায়েন্স এণ্ড টেকনল'জী কমিউনিকেছনৰ সহযোগত 'ভাৰত জন বিজ্ঞান যাত্রা' শীর্ষক ভ্রাম্যমাণ বিজ্ঞান মেলা আজি পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। মূলতঃ স্কুলীয়া শিক্ষার্থীসকলক বিজ্ঞান বিষয়টোৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰে তথা তেওঁলোকৰ মাজত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহা এই বিজ্ঞান মেলাত হাতে কামে বিজ্ঞান, প্রদর্শনীমূলক বাহনখন দেখি শিক্ষার্থীসকল ৰোমাঞ্চিত হৈ পৰে।

বাহনখনৰ ভিতৰত থকা বিজ্ঞানৰ বিভিন্ন মডেলসমূহ দেখি শিক্ষাৰ্থীসকলো অভিভূত হৈ পৰে। এই অভিযানটোৰ নেতৃত্বত থকা ড° মনোজ কুমাৰ পাটোৱাৰীয়ে অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰি কয়, 'বিজ্ঞানৰ বিভিন্ন বিষয়সমূহৰ চাক্ষুষ অভিজ্ঞতা লাভৰ জৰিয়তে ছাত্র-ছাত্রীসকলক বিজ্ঞান মনস্ক বা বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ ক্ষেত্ৰত ভাৰত জন বিজ্ঞান যাত্ৰাই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই উদ্দেশ্যেৰেই বিভিন্ন স্থানৰ লগতে বজালী জিলাৰ পাটাছাৰকুছিলৈ আহি ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰচেষ্টাৰ সহযোগী কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ দ্বাৰা কিঞ্চিৎ হ'লেও ছাত্র-ছাত্রীসকল উপকৃত হ'লে আমাৰ চেষ্টা সফল হ'ব বুলি আমি ভাবো।

বিদ্যালয়খনৰ অধ্যক্ষ ড০ সঞ্জয় গোস্বামীয়ে উদ্বোধন কৰা আৰু বিষয় শিক্ষক বিপুলজ্যোতি ৰাভাই আঁতধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ কামৰূপ (গ্ৰাম্য) জিলাৰ সমন্বয়ক আলতাফ হুছেইন খন্দকাৰ, ভাৰত জন বিজ্ঞান যাত্ৰাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিতেশ মেধি, কাৰিকৰী বিষয়া ৰাম কৃষ্ণ বিশ্বাস, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বাক্সা জিলাৰ জিলা সমন্বয়ক আলকাচ আলী, আলাপৰ সম্পাদক নিৰেন তালুকদাৰ নেতৃত্বত আৰু একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাতে কামে বিজ্ঞান, ধেমালিৰ চলেৰে বিজ্ঞান, যাদুৰ আঁৰৰ বিজ্ঞান প্ৰদৰ্শন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে শাৰী পাতি সৰু সৰু দলত বিভক্ত হৈ বাহনখনৰ ভিতৰত প্ৰৱেশ কৰি প্রদর্শনীখন উপভোগ কৰে।

ভাৰত জন বিজ্ঞান যাত্ৰাৰ পাটাছাৰকুছিত ভ্রাম্যমাণ বিজ্ঞান মেলা সম্পন্ন...
পিতৃ সন্ধানহীনঃ আৰক্ষীৰ জিম্মাত থাকোতেই পুত্ৰই পালে শুভ সংবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in