ডিজিটেল ডেস্কঃ বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আগন্তুক ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনক লৈ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনত উত্তাল হৈ পৰে একাংশ ছাত্র-ছাত্রী।
জানিব পৰামতে, শুকুৰবাবে বিশ্ববিদ্যালয়খনৰ শুকুৰবাবে ছাত্ৰ একতা সভাৰ মনোনয়য় দাখিল কৰিছিল সমূহ প্ৰাৰ্থীয়ে। তাৰ পাছতেই শনিবাৰে বিশ্ববিদ্যালয় খনৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয়। য'ত ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক পদত আছুৰ সমৰ্থিত প্রাৰ্থী ডিম্পল পাটগিৰি বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱা বুলি প্ৰকাশ কৰা হয়।
ইয়াৰ পিছতেই ডিম্পল পাটগিৰিৰ প্ৰতিদ্বন্দি হিচাৰে মনোনয়ন দাখিল কৰা এবিভিপি সমৰ্থিত প্ৰাৰ্থী ভূদেৱ শৰ্মাৰ সমৰ্থকসকলে বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে। জানিব পৰা মতে সম্প্ৰতি ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচন প্রক্রিয়া সাময়িকভাৱে স্থগিত কৰা হৈছে। নিৰ্বাচনী বিষয়া মনোজ কুমাৰ দাসে পদত্যাগ কৰা বুলিও জানিব পৰা গৈছে।
Also Read: ধেমাজিত যুৱ কংগ্ৰেছৰ উদ্যোগত 'য়ুথ জোড়ো যাত্ৰা'ৰ কাৰ্য্যসূচী ৰূপায়ন