পৰ্যাপ্ত বৰষুণৰ অভাৱত বজালীৰ পথাৰত চিৰাল ফাট...

পটাছ প্ৰয়োগৰ পৰামৰ্শ কৃষি বিজ্ঞানীৰ...
পৰ্যাপ্ত বৰষুণৰ অভাৱত বজালীৰ পথাৰত চিলাৰ ফাট...
পৰ্যাপ্ত বৰষুণৰ অভাৱত বজালীৰ পথাৰত চিলাৰ ফাট...
Published on
Updated on

ডিজিটেল সংবাদ পাটাছাৰকুছিঃ চলিত বছৰত পৰ্যাপ্ত বৰষুণ নোহোৱাৰ বাবেই বজালীত ধানৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে৷ বৰষুণৰ পৰিমাণ অতি কম হোৱাৰ বাবে বজালীৰ কৃষকসকল চিন্তিত হৈ পৰিছে৷

বজালী জিলা প্ৰায়ভাগ অঞ্চলতে ধাননি পথাৰৰৰ অধিকাংশ এতিয়াও শুকান অৱস্থাত আছে। ৰোপণ কৰা কঠিয়া স্বাভাৱিক গতিৰে বৃদ্ধি হ'ব পৰা নাই। এই প্ৰতিবেদকে বিভিন্ন পথাৰ পৰিভ্ৰমণৰ সময়ত প্ৰায়ভাগ পথাৰতেই ধাননি পথাৰ সম্পূৰ্ণ শুকান আৰু অপতৃণৰে ধান ঢাকি পেলোৱা দেখা গৈছে।

"আমি মাটি চহোৱা আৰু অন্যান্য কামত অধিক খৰচ কৰি চালি ধানৰ খেতি শেষ কৰিছো কিন্তু বৰ্তমানৰ অৱস্থাই আমাৰ মনোবল ম্লান কৰিলে"- স্থানীয় এগৰাকী কৃষকে বেদনাদায়কভাৱে এই প্ৰতিবেদকক এনেদৰে কয়। আন এগৰাকী কৃষকে কয় যে ''আমাৰ জীৱন-জীৱিকা শালী খেতিৰ ওপৰত নিৰ্ভৰশীল। এই খেতি আমাৰ প্ৰধান খেতি যদিও জলসিঞ্চনৰ সুবিধা নাই আৰু এইবাৰ বতৰৰ অৱস্থা অভাৱনীয়।"

চিন্তাৰ বিষয় যে, বজালীত এই বছৰ কেৱল এবাৰেই বানপানী আহিছিল৷ বৰ্তমানৰ দৰেই যদি অৱস্থা অব্যাহত থাকে কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ’ব লাগিব। আৰোহণ জৈৱিক গোট খৰাধৰা অঞ্চলৰ আগশাৰীৰ কৃষক তথা গোট নেতা মহেন্দ্ৰ দাসেও বৰ্তমানৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

তেওঁ কয় যে, জলসিঞ্চনৰ বাবে ষাঠিশামুকা, খৰাধৰা আৰু ভোজকুছিয়াপাৰা গাঁৱৰ একমাত্ৰ আশা আছিল গেণ্ডাৰজান নামৰ প্ৰাকৃতিক জান৷ এই জানটোৰ বান্ধটো খহনীয়া হৈ ভাগি যোৱাৰ পিছত ধাননি পথাৰত জমা হোৱা পানী সম্পূৰ্ণৰূপে নিষ্কাশন হৈ যায়।

তেওঁ এই বান্ধটো নিৰ্মাণৰ দাবী কৰিছে। পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত খৰাং পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে আৰু শস্যৰ বৃদ্ধি আৰু উৎপাদনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। শস্যৰ অনুকূল বৃদ্ধি আৰু উৎপাদনৰ বাবে অনুকূল পৰিমাণৰ বৰষুণৰ প্ৰয়োজন।

খৰাং পৰিস্থিতিয়ে আৰ্দ্ৰতাৰ চাপৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত গছ-গছনি মৰহি যাব পাৰে আৰু শস্যৰ উৎপাদন হ্ৰাস পাব পাৰে বুলি কৃষি বিজ্ঞানী ড০ পিংকুধৰ বৰ্মনে কয়। তেওঁ মিউৰেট অৱ পটাছ (MOP) সাৰ আৰু অপতৃণ নিয়ন্ত্ৰণকাৰী ঔষধ প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে।

পৰ্যাপ্ত বৰষুণৰ অভাৱত বজালীৰ পথাৰত চিলাৰ ফাট...
পেইছে পে' কিউ মৰতে হৌ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in