ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক বিশিষ্ট শিল্পী দশৰথ দাসৰ দেহাৱসান

ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক বিশিষ্ট শিল্পী দশৰথ দাসৰ দেহাৱসান

Published on

ডিজিটেল ডেস্কঃ অসমৰ বিশিষ্ট সংগীতজ্ঞ, গায়ক, সংগীত পৰিচালক, সুৰকাৰ আৰু অসমৰ প্ৰথমগৰাকী ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাসৰ বিয়োগ। শনিবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। জানিব পৰা মতে, বহু দিনৰ পৰা অসুষ্ঠ হৈ আছিল দশৰথ দাস। বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগে সমগ্ৰ ৰাজ্যতে শোঁকৰ ছাঁ পেলাইছে। ’৭০ৰ দশকৰ পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে চলচিত্ৰ সংগীতত অনন্য মাত্ৰা প্ৰদান কৰা দৰশথ দাসৰ মৃত্যু সংস্কৃতিৰ পথাৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।

জীৱন কৃতিত্ব হিচাপে চৰকাৰৰ পৰা শিল্পী পেঞ্চন, ব্ৰজ নাথ শৰ্মা বঁটা, ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা, মুনলাইট মিডিয়া বঁটা আদি একাধিক সন্মান তেওঁ লাভ কৰিছে। দেওবাৰে এই বৰেণ্য শিপ্লী জনৰ শেষ বিদায়ত তেওঁৰ নিজ গাও আংগুলিয়াৰ পৰা বাঘমাৰালৈ উলিওৱা হৈছে সমদল। ৰাজপথত বিভিন্ন দল অনুষ্ঠানে জনাইছে শেষ শ্ৰদ্ধা জনায়।দেওবাৰে দশৰথ দাসক অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰি শেষ বিদায় দিছে l মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত দেওবাৰে বাকছা জিলা প্ৰশাসনে চালামী প্ৰদান কৰি প্ৰয়াত শিল্পী গৰাকীক শেষ বিদায় জনায়।

দশৰথ দাসৰ দ্বাৰা ভ্ৰাম্যমাণৰ বাবে ৰচিত বহুতো চিৰসেউজ গীতে আজিও দৰ্শকক আলোড়িত কৰি তোলে । তেখেতে তিনিখনকৈ অসমীয়া কথাছবি 'ৰেলৰ আলিৰ দুবৰি বন ‘, ‘সাদৰী' আৰু 'সেন্দূৰ' ত তেওঁ সংগীত পৰিচালনা কৰিছিল। ‘ৰেলৰ আলিৰ দুবৰি বন ‘ ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত পৰিচালক আছিল দশৰথ দাস। তেওঁৰ সুৰাৰোপিত গীত গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।

ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ 'ৰজতকমল' বঁটা লাভ কৰিছিল। উল্লেখ্য যে, পাশ্চাত্য সংগীত সম্পৰ্কে বিশেষ দখল থকা শ্ৰদ্ধাৰ শিল্পী দাসে কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা 'টাইটানিক' নাটকৰ সংগীত পৰিচালনা কৰিছিল। দশৰথ দাসৰ সান্নিধ্য আৰু পৰিচালনাত প্ৰয়াত পুলক গগৈদেৱৰ দুখন চুটি ছবিত গীত গাবলৈ সুবিধা পোৱা কণ্ঠশিল্পী কুমাৰ দীপক দাসে পুৰণি স্মৃতি সুৱৰি মাটিৰ শিল্পী শ্ৰদ্ধাৰ দশৰথ দাসলৈ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰাৰ লগতে মহান শিল্পী গৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ অতি প্ৰিয় জন্ম গাওঁ সাদেৰীৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক বিশিষ্ট শিল্পী দশৰথ দাসৰ দেহাৱসান
ঢকুৱাখনাৰ শ্ৰী শ্ৰী ঈশ্বৰী হাৰ্হি দেৱালয়ত বলি বিধানেৰে মহাষ্টমী পূজা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in