বজালীত চোৰৰ উপদ্ৰৱঃ এইবাৰ লক্ষ্য হ'ল বেংক কৰ্মচাৰী...

নগদ ধন, সোণৰ, ৰূপৰ অলংকাৰ লৈ উধাও
বজালীত চোৰৰ উপদ্ৰৱঃ এইবাৰ লক্ষ্য হ'ল বেংক কৰ্মচাৰী...
বজালীত চোৰৰ উপদ্ৰৱঃ এইবাৰ লক্ষ্য হ'ল বেংক কৰ্মচাৰী...
Published on
Updated on

ডিজিটেল সংবাদ বজালীঃ চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে বজালীৰ জনসাধাৰণ। এনে পৰিস্থিতিৰ সূচনা হৈছে যে, ঘৰ এৰি এটা মুহূৰ্তৰ বাবেও কোনো ফালে যাব নোৱাৰা হৈছে গৃহষ্ঠ। একপ্ৰকাৰে নিৰাপত্তাহীনতাত ভূগিছে বজালীবাসীয়ে।

বজালীবাসী ৰাইজক নিৰাপত্তা দিয়াত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন হৈছে। কিয়নো এফালে যদি মানুহৰ ঘৰত চোৰে চাফাই অভিযান চলাইছে আনফালে আকৌ ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠানো বাদ দিয়া নাই।

আৰক্ষীৰ নিৰ্লিপ্ততাৰ ভূমিকাৰ বাবেই বজালী জিলাৰ ভিন্ন প্ৰান্তত চোৰে এইদৰেই চলাই আহিছে সন্ত্ৰাস। এইবাৰ এই চোৰৰ দলটোৰ লক্ষ্য হৈ পৰিল পাঠশালাৰ ৰূপ নগৰৰ চিন্ময় শৰ্মা নামৰ এগৰাকী বেংক কৰ্মচাৰীৰ বাসগৃহ।

বেংক কৰ্মচাৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত। জানিব পৰা মতে চোৰে তেওঁৰ বাসগৃহৰ পৰা নগত ৫০ হাজাৰ টকাৰ লগতে সোণ,ৰূপৰ অলংকাৰ লৈ উধাও হৈছে।

ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে আৰক্ষীৰ দলটোৱে চোৰক ধৰিব পাৰেনে নাই সেয়াহে প্ৰশ্নৰ বিষয়।

বজালীত চোৰৰ উপদ্ৰৱঃ এইবাৰ লক্ষ্য হ'ল বেংক কৰ্মচাৰী...
হাটশিঙিমাৰীত আটক ১২ বাংলাদেশীঃ ভাৰতৰ ভিন্ন স্থানত কাম কৰিছিল দলটোৱে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in