পাটাছাৰকুছি সমষ্টিৰ মুঠ ১৭০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিতৰণ কৰে ১৪ লাখ টকাৰ চেক
পাটাছাৰকুছি সমষ্টিৰ মুঠ ১৭০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ
পাটাছাৰকুছি সমষ্টিৰ মুঠ ১৭০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ
Published on
Updated on

ডিজিটেল সংবাদ পাটাছাৰকুছি: আজি পাটাছাৰকুছি শিৱ দূৰ্গা ধামত অনুষ্ঠিত এক অনুষ্ঠানত পাটাছাৰকুছি সমষ্টিৰ মুঠ ১৭০ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিক মুঠ ১৪ লাখ টকাৰ "মুখ্যমন্ত্ৰী সাহায্য পুঁজি"ৰ চেক বিতৰণ কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

অনুষ্ঠানত তেওঁএই সাহায্যই বিভিন্ন সমস্যাত ভূগি থকা ব্যক্তিসকলক যদিও বিশেষ সকাহ নিদিয়ে তথাপিও চৰকাৰখনৰ তেওঁলোকৰ প্ৰতি থকা সদিচ্ছাই মানসিক ভাৱে কিছু হ'লেও উৎসাহিত কৰিব বুলি তেওঁ আশাবাদী মন্তব্য কৰে।

অনুষ্ঠানতে এতিয়ালৈকে পাটাছাৰকুছি সমষ্টিত ১.৫ কোটি টকাতকৈ অধিক "মুখ্যমন্ত্ৰী সাহায্য পুঁজি" ৰ ধন বিভিন্ন ৰোগত আক্ৰান্ত ব্যক্তিসকলক বিতৰণ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

পাটাছাৰকুছি সমষ্টিৰ মুঠ ১৭০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ
নগাঁৱত মাধ্যম আন্দোলনৰ ছহিদ অনিল বৰাক স্মৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in