অসমত 'দাসৱানী কোচিং প্ৰতিষ্ঠান'ৰ প্ৰথমটো শাখা মুকলি

অসমত 'দাসৱানী কোচিং প্ৰতিষ্ঠান'ৰ প্ৰথমটো শাখা মুকলি
Published on
Updated on

ডিজিটেল সংবাদ, পাঠশালাঃ ভাৰতৰ প্ৰখ্যাত মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং প্ৰতিষ্ঠান 'দাসৱানী'ৰ শাখা এটি অসমৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত মুকলি কৰা হয়। উক্ত শাখাটো আনুষ্ঠানিকভাৱে মুকলি কৰে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড° ৰণজিৎ ডেকাই। কটাৰ ৰ 'দাসৱানী" কোচিং প্ৰতিষ্ঠানৰ অসমত এইটোৱেই একমাত্ৰ শাখা বুলি জানিব দিব প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষয়।

কোটাৰ দাসৱানী ক'চিং প্ৰতিষ্ঠানৰ অসমৰ সঞ্চালক ড: প্ৰাঞ্জল কুমাৰ বৰাই বন্তি প্ৰজ্বলন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে ডাক্তৰী আৰু ইঞ্জিনিয়াৰীঙৰ বাবে ইনটিগ্ৰেটেড প্ৰগ্ৰেম ক'চিঙৰ সুবিধা লাভ কৰিব। মেডিকেল, ইঞ্জিনিয়াৰিঙ আদি পাঠ্যক্রমৰ বাবে প্ৰাক প্ৰশিক্ষণ দিবলৈ এইবাৰ পাঠশালাত সাজু হ'ল ডাচৱানী কোচিং চেন্টাৰ।

নামনি অসমৰ শিক্ষা নগৰী পাঠশালাত মেধাৱী ছাত্র-ছাত্রী সকলে উচ্চমানৰ কোচিং চেন্টাৰ নোহোৱাৰ বাবে গুৱাহাটী, ৰাজস্থান আদিলৈ কোচিংৰ বাবে যায়। ছাত্র-ছাত্রীসকলৰ সুবিধাৰ্থে পাঠশালাত দেওবাৰে মুকলি কৰা হয় ডাচৱানী কোচিং চেন্টাৰ।

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ সহযোগত মাঙ্গলিক কাৰ্যসূচীৰে মুকলি কৰা অনুষ্ঠানটোত অনুষ্ঠানত আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা চি এম ডি ড: ৰণজিৎ ডেকা, জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা, কোটাৰ বিশিষ্ট শিক্ষক সকলৰ লগতে বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

অসমত 'দাসৱানী কোচিং প্ৰতিষ্ঠান'ৰ প্ৰথমটো শাখা মুকলি
ঢকুৱাখনাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in