ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটাৰ ভক্তৰডবাস্থিত দেশভক্ত সমবায় সমতি লিমিটেডত গঢ়ি উঠা সুলভ মূল্যৰ চাউলৰ ক'লা ব্যৱসায়ৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি এই সমবায় সমিতিখনৰ পৰা দীৰ্ঘদীন ধৰি সুলভ মূল্যৰ চাউল ক'লা বজাৰত বিক্ৰী হৈ আহিছিল।
এনে অভিযোগৰ মাজতে আজি প্ৰায় ৫০ কুইণ্টল চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ সময়তে সমবায় সমিতিখনৰ একাংশ সদস্যই কৰায়ত্ত কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে আহি চাউলখিনি জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
অভিযোগ অনুসৰি এই সুলভ মূল্যৰ চাউলৰ ক'লা ব্যৱসায়ৰ সৈতে সচিব কমল গোস্বামী জড়িত হৈ আছে। তেওঁৰ নেতৃত্বতে সমবায় সমিতিখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে এই ক'লা ব্যৱসায়।
আজি এই ঘটনা পোহৰলৈ অহাৰ পাছতে কয়াকুছি আৰক্ষীয়ে চাউলখিনিৰ সৈতে এখন মহিন্দ্ৰা পিক আপ বাহন জব্দ কৰিছে। ইয়াৰোপৰি আটক কৰিছে চালক জাহিদুল ইছলামক। জব্দ কৰা বাহনখনৰ নম্বৰ AS15 AC 0649।
Also Read: মঙলদৈত RSS ৰ বৰ্গ কেম্পত ১৭ বছৰীয়া কিশোৰৰ মৃত্যুঃ বিদ্যালয়ৰ চৌহদতে মৃতদেহ সৎকাৰৰ প্ৰস্তুতি...