ভালুকী নৱদ্বীপ ক্ষেত্ৰত নাট কৰ্মশালা আৰম্ভ : যোগেশ শৰ্মা স্মাৰক বক্তৃতাত উজলি উঠিল যাত্ৰা দলৰ ইতিহাস

নৱপ্ৰজন্মই জীয়াই ৰাখিব লাগিব অসমৰ স্বৰ্ণিল লোকসংস্কৃতিৰ শিপা : পদ্মশ্ৰী দ্ৰোণ ভূঞা
ভালুকী নৱদ্বীপ ক্ষেত্ৰত নাট কৰ্মশালা আৰম্ভ : যোগেশ শৰ্মা স্মাৰক বক্তৃতাত উজলি উঠিল যাত্ৰা দলৰ ইতিহাস
Published on
Updated on

ডিজিটেল সংবাদ,পাটাছাৰকুছি : মঙলবাৰে পাটাছাৰকুছিৰ সমীপৱৰ্ত্তী ভালুকী কালদীয়া নদীৰ বাকৰিৰ নৱদ্বীপ ক্ষেত্ৰত দহদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় নাট্যকৰ্মী হীৰকজ্যোতি দাস সোঁৱৰণী শিশু নাট কৰ্মশালা ৷ অসম নাট্য সন্মিলন টিহু শাখাৰ উদ্যোগত আৰু নৱদ্বীপ ভালুকীৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী দ্ৰোণ ভূঞা।

ভূঞাই অসমৰ লোকসংস্কৃতিৰ শিপাক সমৃদ্ধ কৰি ৰাখিবলৈ নৱপ্ৰজন্মক আহ্বান জনায় ৷ অসমৰ বিশিষ্ট লোকশিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক দ্ৰোণ ভূঞাই কয় যে দেশে বৰ্তমান অসমৰ লোকসংস্কৃতিৰ সমৃদ্ধতা দেখি অভিভূত হৈ পৰিছে ৷ আমি নৱপ্ৰজন্মই এই শিপা অধিক মজবুট কৰি বিশ্বক বাট দেখুৱাব লাগিব ৷

ইয়াৰ পূৰ্বেই শিশু নাট কৰ্মশালা উদ্বোধন কৰে বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈয়ে। তেখেতে শিশুসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই শিশু নাট কৰ্মশালা এক উৎকৃষ্ট মাধ্যম হ'ব বুলি মত প্ৰকাশ কৰে ৷

কৰ্মশালাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ। তেঁও শিশুসকলৰ লগত মত বিনিময় কৰে। লগতে উপস্থিত ৰাইজক উদ্দেশ্য কৰি অভিনেত্ৰী বৰদলৈয়ে কয় যে, ভালুকীৰ এক সাংস্কৃতিক ইতিহাস আছে ৷

সংস্কৃতিৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ নাটক এক উপযুক্ত মাধ্যম বুলি নৱপ্ৰজন্মক অভিনেত্ৰী আশা বৰদলৈয়ে আহ্বান জনায় ৷ বিশিষ্ট শিক্ষাবিদ ,অৱসৰী অধ্যাপক ড° সুৰেশ শৰ্মাৰ সভাপতিত্বত আৰু চলচ্চিত্ৰ পৰিচালক ,অধ্যাপক ৰাজেন দাসে পৰিচালনা কৰা অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে নৱদ্বীপৰ সঞ্চালিকা মিনাক্ষী দাসে ৷

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা হিমাদ্ৰী শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বজালী জিলা বিজেপিৰ সভাপতি, প্ৰকৃতিকৰ্মী নগেন চৌধুৰীয়ে ৷ চৌধুৰীয়ে প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত এই নাট কৰ্মশালাই ছাত্ৰছাত্ৰীক অধিক আকৰ্ষণ কৰিব বুলি মন্তব্য কৰে ৷

সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে পাটাছাৰকুছি উন্নয়ন সমিতিৰ সভাপতি কুশল ডেকা,সম্পাদক তথা বজালী জিলা বিজেপি যুৱ মৰ্চাৰ সম্পাদক ৰাজীৱ শৰ্মা,বিজেপি বজালী মহিলা মৰ্চাৰ সম্পাদিকা মঞ্জু দাস,সমাজকৰ্মী বিনোদ ৰয়,নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মা ,অভিনেতা কিংকৰ দাস আদিয়ে ৷

আনহাতে উদ্বোধনী সভাৰ পিছতে অনুষ্ঠিত গুৰুজী যোগেশ শৰ্মা সোঁৱৰণী স্মাৰক বক্তৃতাত মূল বক্তা হিচাপে অংশগ্ৰহণ কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পৰাগ বৰ্মনে অসমৰ যাত্ৰা আন্দোলনৰ ইতিহাস সাৱলীলভাৱে আলোচনা কৰে ৷ শলাগৰ শৰাই আগবঢ়াই বিশিষ্ট শিল্পী কুমুদ ভট্টাচাৰ্যই ৷

ইয়াৰ পূৰ্বেই প্ৰয়াত হীৰকজ্যোতি দাস ,গুৰুজী যোগেশ শৰ্মা আৰু নটৰাজৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা তৰ্পণ অনুষ্ঠান মুকলি কৰে অধ্যাপক ৰাজেন দাস,অধ্যাপক ড°হেমেন ৰাজবংশী,শিল্পী পৱন ৰয়,শিল্পী ৰমনী মোহন দাস আৰু সমাজকৰ্মী দুৰ্লভ চন্দ্ৰ শৰ্মাই ৷ পুৱা নাট্য সন্মিলনৰ পতাকা উত্তোলন কৰে নাট্য সন্মিলন টিহু শাখাৰ সভাপতি ড° সুৰেশ শৰ্মাই আৰু সহযোগ কৰে সম্পাদক দিগন্ত শৰ্মাই ৷

সভাত সমাজকৰ্মী পৰেশ চন্দ্ৰ দাস,শিল্পী জীতেন শৰ্মা,সমাজকৰ্মী প্ৰাক্তন ছাত্ৰনেতা হিমাংশু কাকতি,সমাজকৰ্মী বীৰেন শৰ্মা আদি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ভালুকী নৱদ্বীপ ক্ষেত্ৰত নাট কৰ্মশালা আৰম্ভ : যোগেশ শৰ্মা স্মাৰক বক্তৃতাত উজলি উঠিল যাত্ৰা দলৰ ইতিহাস
নগাঁও আৰক্ষীৰ অভিযানত মাৰাণাস্ত্ৰসহ তিনিজনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in