ডিজিটেল সংবাদ, হাউলী : অসমৰ চুপাৰী নগৰী হিচাপে খ্যাত হাউলীয়ে ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাথঁনি শক্তিশালী কৰাত ব্যাপক অৰিহণা আগবঢ়াই আহিছে। ইয়াৰ উপৰি হাউলীৰ অন্য এক পৰিচয় আছে। সেয়া হৈছে- হাউলীৰ ৰাস মহোৎসৱ।
হাউলী ৰাস মহোৎসৱে শতবৰ্ষ গৰকিবলৈ মাত্ৰ দুটা বছৰ বাকী থকা সময়তে ৰাস মণ্ডপৰ কাষতেই গঢ়ি উঠা ডাম্পিং গ্ৰাউণ্ডৰ ভয়াৱহতাই অঞ্চলটোৰ জনসাধাৰণৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। হাউলী অঞ্চলৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে হাউলী চহৰৰ মধ্য স্থানত থকা এই ডাম্পিং গ্ৰাউণ্ডটো উঠাই নিবলৈ হাউলী পৌৰ সভাক কেইবাবাৰো আহ্বান জনাইছিল যদিও পৌৰ সভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে।
অৱশ্যে শেহতীয়াভাৱে ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ উৎযাপন সমিতিৰ তীব্ৰ হেঁচা আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত গা লৰিছে জিলা প্ৰশাসনৰ। ২৯ অক্টোবৰত পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালক টংকেশ্বৰ দাসে হাউলী ৰাস মণ্ডপ প্ৰাংগনত উদযাপন সমিতিৰ সৈতে এক আলোচনাত মিলিত হয়।
এই আলোচনা মৰ্মে ডাম্পিং গ্ৰাউণ্ডটো উক্ত স্থানৰ পৰা স্থানান্তৰ কৰিবলৈ পৌৰ প্ৰশাসন বিভাগে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, হাউলী সংগ্ৰামী সতীৰ্থ সন্মিলন আৰু বৃহত্তৰ হাউলী উন্নয়ন পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে ডাম্পিং গ্ৰাউণ্ড চহৰখনৰ মাজৰ পৰা স্থানান্তৰ কৰিবলৈ বৰ্তমানৰ পৌৰ সভাখনে কাৰ্য্যভাৰ গ্ৰহণ কৰা দিনৰ পৰাই পৌৰ সভাক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
পৌৰ প্ৰশাসন বিভাগে ডাম্পিং গ্ৰাউণ্ডটো উঠাই নিয়াৰ সিদ্ধান্তক বাস্তৱিত কৰাৰ বাবে ৩১ অক্টোবৰত বিভাগটোৱে ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক আদৰণী জনাইছে কেইবাটাও সংগঠনে। হাউলী ৰাস মহোৎসৱ উৎযাপন সমিতি, বৃহত্তৰ হাউলী উন্নয়ন পৰিষদ, সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীকে ধৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে আদৰণি জনোৱাৰ লগতে শাসক দলৰ নেতা-কৰ্মীয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে ।
Also Read: ৰঞ্জিত দত্ত মিছলীয়া, কংগ্ৰেছৰ টিকট ল'বলৈ মই পাণ এটাও খোৱাব লগা হোৱা নাইঃ জয়ন্ত বৰা...