ডিজিটেল সংবাদ,বৰপেটাঃ "চিকিৎসকসকল ভগৱান নহয়,কিন্তু ভগৱানৰ প্ৰতিনিধি ৷" শনিবাৰে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা শিক্ষা ৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷
উল্লেখ্য যে,২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত বৰপেটা ফখৰুদ্দিন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰা হৈছিল ৷ আজি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পালন কৰে দ্বাদশ বৰ্ষপূৰ্তি ৷ এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় যে ,চিকিৎসকসকল ভগৱান নহয় ৷ কিন্তু চিকিৎসকসকল হৈছে ভগৱানৰ প্ৰতিনিধি ৷ ভগৱানৰ প্ৰতিনিধি বুলি নিজকে বিবেচনা কৰি এজন চিকিৎসকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিলে সফল চিকিৎসক হ'বই ৷
তেওঁ লগতে কয় যে , চিকিৎসকসকলৰ প্ৰধান কাম হৈছে ৰোগীয়ে যাতে অত্যাধিক ঔষধ সেৱন কৰিব নালাগে , তাৰ ব্যৱস্থা কৰা ৷ চিকিৎসক শব্দটোৰ সৈতে চিকিৎসা সেৱা শব্দটো জড়িত হৈ আছে বুলি উল্লেখ কৰি অক্ষয় কুমাৰ মিশ্ৰই কয় যে ,এজন চিকিৎসক সমাজ সেৱক হ'ব লাগিব ৷ সমাজৰ বিভিন্ন বিষয় সন্দৰ্ভত চিকিৎসক এজন অবগত হ'ব লাগিব বুলি মন্তব্য কৰে।
বিশিষ্ট সাহিত্যিকগৰাকীয়ে পুনৰ কয় যে , চিকিৎসা সেৱা কেৱল এটা বৃত্তি নহয় , চিকিৎসা সেৱাৰ সৈতে জড়িতসকলৰ সামাজিক দৃষ্টিভংগী থাকিব লাগিব ৷ চিকিৎসক এজন সমাজ বিজ্ঞানী হ'ব লাগিব বুলিও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷
সভাত আদৰণি ভাষণ প্ৰদান কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে ৷ আদৰণি ভাষণ প্ৰদান কৰি তেওঁ কয় যে , যোৱা ১২টা বছৰত চিকিৎসা মহাবিদ্যালয়খনৰ বহুখিনি উন্নতি হৈছে ৷ আৰম্ভণিৰ পৰাই বৰপেটা চিকিৎসা মহাবিদ্যালয়ে চিকিৎসা সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰি অধ্যক্ষ গৰাকীয়ে কয় যে , ক'ভিডৰ সময়চোৱাত চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷
কেবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে সুখ্যাতিৰে এম বি বি এচ পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনক জড়িত কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে , ভৱিষ্যতে অধিক উন্নত চিকিৎসা সেৱা প্ৰতিষ্ঠান হিচাপে চিকিৎসা মহাবিদ্যালয়খন গঢ় দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হ'ব ৷
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ডি এম ই ডা০ অনুপ বৰ্মনে কয় যে , বৰপেটা চিকিৎসা মহাবিদ্যালয়ে সফলতাৰে ১২ বছৰ সম্পূৰ্ণ কৰিলে ৷ অনাগত দিনত শিক্ষা আৰু চিকিৎসা সেৱাৰ ক্ষেত্ৰত এখন অধিক উন্নত চিকিৎসা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷
চিকিৎসা মহাবিদ্যালয়খনলৈ প্ৰতিদিনে হাজাৰতকৈও অধিৰ ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে , জাইকাৰ অধীনত বৰপেটা চিকিৎসা মহাবিদ্যালয়খন এখন চুপাৰ স্পেচিয়েলিটি হাস্পতাল হিচাপে গঢ় দিয়া হ'ব ৷ এই কাম এবছৰৰ ভিতৰত সম্পুৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ মত ব্যক্ত কৰে ৷
অনুষ্ঠানত ভাৰতৰ প্ৰখ্যাত মিক্স মাৰ্চিয়েল আৰ্ট চমুকৈ এম এম এৰ খেলুৱৈ তথা শৰীৰ চৰ্চাবিদ ভৱজিৎ চৌধুৰী আৰু অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ নয়নমনি শইকীয়াক সম্বৰ্ধনা জনোৱা হয় ৷ ভৱজিৎ চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া শুনাৰ মাজতো কিছু সময় উলিয়াই শৰীৰ চৰ্চা কৰিবলৈ কয় ৷
অনুষ্ঠানত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰকাশ শৰ্মায়ো ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডা০ মাধুৰ্য ঠাকুৰ , ষ্টাফ প্ৰেচিডেণ্ট ডা০ প্ৰদীপ ভট্টাচাৰ্য্য উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভণিতে পুৱা খোজ কঢ়া , চাফাই অভিযান আদি কাৰ্যসূচী অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে ৷
আৰু পঢ়কঃ বান্দৰ আৰু আদানীৰ কাহিনী...