ডিজিটেল ডেস্কঃ ক্ৰমশঃ যেন হেৰাই গৈছে মানুহৰ মানৱীয় চিন্তা চেতনা। বিলুপ্ত হ'বলৈ আৰম্ভ কৰিছে আত্মিক সম্পৰ্কৰ বান্ধোন। যাৰ পৰিণতিত সংঘটিক হ'বলৈ ধৰিছে এটাৰ পিছত আন এটা জঘণ্য ঘটনা।
বজালীত ডুবি মালিপাৰাত সংঘটিত হোৱা তেনে এক চূড়ান্ত অমানৱীয় আৰু পাশৱিক কাণ্ডই এতিয়া ভবাই তুলিছে সচেতন লোকসকলক। নিজ সন্তানক বিক্ৰী কৰিব নোৱাৰাৰ বাবেই এগৰাকী পিতৃয়ে হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে অঞ্চলটোত।
আৰু পঢ়ক
Also Read: খাদ্য সুৰক্ষাৰ চাউলৰ ক'লা বজাৰঃ ঢকুৱাখনা সমবায় সমিতিৰ সভাপতিক গ্ৰেপ্তাৰ...
অভিযোগ অনুসৰি নিৰঞ্জন মালাকাৰ নামৰ এজন ব্যক্তিয়ে মাত্ৰ ১১ দিনৰ পূৰ্বে জন্মগ্ৰহণ কৰা তেওঁৰ কন্যা সন্তানটিক ৪ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। এই কথা পৰিয়ালৰ আন আন লোকসকলে জানিব পৰাত তেওঁৰ এই অপচেষ্টা ব্যৰ্থ হয়।
ফলত ৪ লাখ টকা নোপোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ সদ্যোজাত দেৱশিশুটিকে গাত খান্দি পুতি থয়। এগৰাকী পিতৃৰ হাতত এইদৰে মাত্ৰ ১১ দিনীয়া কন্যা শিশুৰ মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰাই নহয় সমাজৰ স্খলিত অৱস্থাক নাঙঠ কৰি সকলোৰে সন্মুখত উদঙাই দিছে।
আৰু পঢ়ক
Also Read: World Photography Day: কাজিৰঙাৰ সৌন্দৰ্যক লেন্সত আৱদ্ধ কৰি সুখী হোৱা কাকু, বিশ্বহঁতৰ কথা...
ইফালে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়গৈ স্থানীয় পাঠশালাৰ আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আটক কৰিব পৰা নাই নিৰঞ্জন মালাকাৰ নামৰ পাষাণ পিতৃক।
পলাতক অৱস্থাত থকা নিৰঞ্জন মালাকাৰক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দি এনে অপৰাধ যাতে দ্বিতীয়বাৰলৈ আন কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে।
ইফালে স্বগৃহৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত থকা বিসন্নলা জানৰ এজোপা গছৰ তলত পুতি থোৱা অৱস্থাৰ পৰা দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছে শিশুটিৰ মৃতদেহ। ইয়াৰোপৰি সমগ্ৰ ঘটান বিষয়ে সোধ-পোছ কৰিবলৈ ২ জন লোককো আটক কৰিছে আৰক্ষীয়ে। তাৎপৰ্যপূৰ্ণ ভাৱে এই ঘটনাৰে নাম সাঙোৰ খাই পৰিছে পঠশালাৰ এগৰাকী জ্যেষ্ঠ চিকিৎকৰ নাম।
আৰু পঢ়ক
Also Read: ছাৰ, এইখন নহয় বাৰ...