ডিজিটেল সংবাদ,পাটাছাৰকুছি : পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনিৰ উদ্যোগত তথা বিদ্যালয়ৰ সহযোগত ১১জুলাইৰ পৰা ১৭ জুলাইলৈ অনুষ্ঠিত সপ্তাহযোৰা বিনামূলীয়া সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ বুধবাৰে সফল সামৰণি পৰে ৷ এই কৰ্মশালাত ৰাভা সংগীত, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰশিক্ষণ দিয়া হয় ৷
উল্লেখ্য যে ১৭ জুলাইত এই কৰ্মশালাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সঞ্চালক কৈলাশ চন্দ্ৰ ৰয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰছাত্ৰী সন্মিলনিৰ প্ৰাক্তন সভাপতি অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱচৌধুৰী ৷
এই কৰ্মশালাত সমল ব্যক্তি হিচাপে ভবেশ চন্দ্ৰ গোস্বামী আৰু শৈলেন্দ্ৰ গোস্বামীয়ে অংশ লয় ৷ কৰ্মশালাৰ তত্ত্বাৱধান কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনিৰ সাংস্কৃতিক বিভাগৰ লগতে কৃষি বিভাগৰ সদস্য হীৰেন্দ্ৰ কুমাৰ শৰ্মাই ৷
উল্লেখ্য যে বিদ্যায়তনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত অভিজ্ঞতাসম্পন্ন শিক্ষকৰ দ্বাৰাই ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছে সন্মিলনিয়ে ৷ শিক্ষা-দীক্ষাৰ সমান্তৰালভাৱে সংস্কৃতি আৰু ক্ৰীড়াৰ উন্নয়নৰ বাবেও চিন্তা চৰ্চা অব্যাহত ৰখা এই সন্মিলনিয়ে সংগীতৰ কৰ্মশালাখন আয়োজন কৰা বুলি সঞ্চালক কৈলাশ চন্দ্ৰ ৰয়ে জানিবলৈ জানিবলৈ দিয়ে ৷
আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়, অসম চৰকাৰৰ ক্ৰীড়া সংগঠকৰ বটাঁ প্ৰাপক শ্ৰীপদ চৌধুৰী, পাটাছাৰকুছি বিদ্যাপীঠৰ সদ্য অৱসৰী অধ্যক্ষ তপন কুমাৰ শৰ্মা প্ৰাক্তন ছাত্ৰ কৃষি বিভাগৰ অৱসৰী যুটীয়া সঞ্চালক হেমন্ত কুমাৰ কলিতা, প্ৰাক্তন ছাত্ৰ গনেশ চৌধুৰী আদি ৷
কৃষ্ণ ৰয় আৰু শ্ৰীপদ চৌধুৰীয়ে কয়- সৰুৰে পৰাই এনে প্ৰশিক্ষণ ল'লে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰও প্ৰদান কৰে।