ডিজিটেল সংবাদ, বৰপেটা: সংগীত নাটক একাডেমীৰ অমৃত বঁটা প্ৰাপক বৰপেটা সত্ৰৰ ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজাৰ শনিবাৰে বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। বৰপেটাৰ বিলৰতাৰী হাটীৰ বাসিন্দা থকা ওজাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ।
বৰপেটা সত্ৰৰ ওজাপালিৰ গুৰু থকা প্ৰয়াত ওজা সৰুকালৰে পৰা সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ লগত জড়িত আছিল। বিশেষকৈ বৰপেটা সত্ৰৰ বংশৰাৰ নিয়ম অনুসৰি তেওঁ ওজাপালিৰ ক্ষেত্ৰখনৰ লগতে প্ৰধানকৈ জড়িত হৈ পৰিছিল।
সত্ৰৰ ওজাপালিৰ প্ৰসাৰ আৰু প্ৰচাৰত নিজক উৎসৰ্গা কৰা প্ৰয়াত ওজাৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীয়ে তেওঁক ২০২২ ত একাডেমীৰ অমৃত বঁটা প্ৰদান কৰিছিল। ইহ সংসাৰত প্ৰয়াত ওজাই দুই পুত্ৰ, দুই জীয়ৰীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।
গুৰুপ্ৰসাদ ওজাৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডল সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম-মণ্ডল সমিতিয়ে গুৰুপ্ৰসাদ ওজাই সত্ৰীয়া ওজাপালি ব্যাস কীৰ্ত্তনৰ এগৰাকী বিশিষ্ট গুৰু হিচাপে অসমৰ সত্ৰীয়া সংস্কৃতিক এক অনবৈদ্য স্থানত উপস্থাপন কৰি গৈছে বুলি অভিহিত কৰি ওজাৰ মৃত্যুই অসমৰ সংস্কৃতি জগতৰ এক অপুৰনীয় ক্ষতি হোৱাৰ লগতে বিশেষকৈ অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ পৰা এক উজ্জ্বল নক্ষত্ৰ খহি পৰিল বুলি মত প্ৰকাশ কৰিছে।
Also Read: আৰক্ষীয়ে মাটি খান্দি উলিয়ালে টকা আৰু নিচাযুক্ত সামগ্ৰী