হাউলী ৰাস মহোৎসৱ : পৌৰ সভা আৰু শক্তি বিভাগৰ ব্যাপক তৎপৰতা...

হাউলী ৰাস মহোৎসৱ : পৌৰ সভা আৰু শক্তি বিভাগৰ ব্যাপক তৎপৰতা...

author-image
Asomiya Pratidin
New Update
হাউলী ৰাস মহোৎসৱ : পৌৰ সভা আৰু শক্তি বিভাগৰ ব্যাপক তৎপৰতা...

পৌৰ সভা আৰু শক্তি বিভাগৰ ব্যাপক তৎপৰতা

ডিজিটেল সংবাদ, হাউলী : ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱৰ দিন চমু  হৈ অহাৰ লগে লগে হাউলী পৌৰ সভাৰ কাৰ্যও যেন ক্ষীপ্ৰ গতিত দৌৰি আছে ! গাত তত নোহোৱাকৈ হাউলী পৌৰ সভাৰ কৰ্মীসকলৰ লগতে পৌৰ সমিতিৰ ৱাৰ্ড কমিছনাৰসকল ব্যস্ত হৈ পৰিছে।

হাউলী পৌৰ সভাৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ কমিছনাৰ নৱ কুমাৰ দাসৰ ৱাৰ্ডৰ সকলো ফালে দিনে নিশাই উন্নয়নৰ কাম কৰা পৰিলক্ষিত হৈছে। ৰাসৰ কামৰ লগতে ৱাৰ্ডটোৰ চাৰিওফালে ষ্ট্ৰিট লাইটকে ধৰি পথৰ মেৰামতি , নলা-নৰ্দমাৰ সকলোবোৰ কাম কৰি নগৰখন চাফ চিকুণ কৰা দেখি সচেতন ৰাইজে তথা সাধাৰণ ৰাইজৰ মাজত তেখেতৰ কামৰ অগ্ৰগতিক লৈ উৎফুল্লিত হোৱা দেখা গৈছে।

নগৰখনৰ দহটা ৱাৰ্ডৰ সকলো কাম- কাজ সম্পূৰ্ণ হ’ব বুলি ৰাইজে আশাৰে বাটচাই আছে। অলপতে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন দাসৰ তৎপৰতাত অসমৰ পৌৰ সভাৰ সঞ্চালক উপস্থিত হৈছিল। সেইদিনাই ৰাস সমিতিৰ কাৰ্য্যলয়ত হাউলী অঞ্চলৰ সকলো ৱাৰ্ডৰ ষ্ট্ৰিট লাইট লগাই দিয়াৰ লগতে হাউলী নগৰৰ মাজমজিয়াত পৰিত্যক্ত অৱস্থাত থকা জাবৰ-জোঁথৰ উঠাই আন ঠাইলৈ কঢ়িয়াই নিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ কাৰ্যবাহী বিষয়াৰ লগতে পৌৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰীক নিৰ্দেশ দিছিল।

কাৰ্যবাহীগৰাকীয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰ বাবে সঞ্চালক টংকেশ্বৰ দাসক উক্ত কামবোৰ সমাধান কৰিব বুলি কয়। সেই মৰ্মে এতিয়া দিনে নিশাই নগৰ খনৰ চাৰিওফালে হাউলী পৌৰকৰ্মীসকলে উঠিপৰি লগা দেখা গৈছে।

হাউলী ৰাইজৰ বহুদিনীয়া সমস্যাবোৰ সমাধানৰ পথত । সচেতন ৰাইজে আশা কৰিছে- ৱাৰ্ডৰ সকলো সমস্যা অতি শীঘ্ৰে সমাধা হ’ব ! মুঠতে ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ৰাস মহোৎসৱৰ লগতে অঞ্চলটোৰ সকলো ক্ষেত্ৰত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব বুলি অতি আশাৰে বাট চাই আছে।

Also Read: যোৰহাট প্ৰিমীয়াৰ লীগ ক্ৰিকেট : ফাইনেলত যোৰহাট চুপাৰ জায়েণ্ট

হাউলী ৰাস মহোৎসৱ