ডিজিটেল সংবাদ,চেঙা : সমগ্ৰ অসমত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অৱ্যাহত আছে অসম আৰক্ষীৰ অভিযান। এনে সময়ছোৱাতে শুকুৰবাৰে বৰপেটা জিলাত হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক আটক কৰে।
অভিযানকালত সন্দেহযুক্ত হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ ৪০টা কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলী আইন মণ্ডল পথৰ ৪ নম্বৰ ৱাৰ্ডত এক অভিযান চলাই সন্দেহযুক্ত হেৰ'ইনসহ এজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অনোৱাৰ হুছেইন নামৰ লোকজনে হাউলীৰ জয়নাল আব্দিনৰ ঘৰত ভাৰাতীয়া হিচাপে থাকে বুলি জানিব পৰা গৈছে ।
ধৃত অনোৱাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত চাওলীয়াবৰী গাঁৱৰ দুলু মিঞাৰ পুত্ৰ বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে জিলাখনৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ।
Also Read: গোলাঘাটত এপিডিচিএলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ