৫লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

৫লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
Published on
Updated on

ডিজিটেল সংবাদ, সৰভোগঃ সৰভোগত ফণীভূষণ চৌধুৰীৰ সমর্থনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ব্যাপক নিৰ্বাচনী প্ৰচাৰ অহা ৭মে’ত অনুষ্ঠিত হ’বলগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠিত বিজেপি মিত্ৰদল অগপ আৰু ইউপিপিএলো। বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীৰ সমর্থনত বুধবাৰে সমষ্টিটোৰ অন্তৰ্গত সৰভোগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন বিশাল নিবাচনী সভা সম্বোধন কৰে।

মন্ত্ৰীগৰাকীয়ে এইবেলি ফণীভূষণ চৌধুৰীয়ে অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব বুলি ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচনৰ কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, উজলা গেছৰ সুবিধা, আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক সময়ত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাক অৰুণোদয় দিয়া হ’ব বুলি উল্লেখ কৰে।

সৰভোগত অনুষ্ঠিত আন এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ১০ বছৰ পূৰ্বে ভাৰতবৰ্ষত বহুকেইজন প্ৰধানমন্ত্ৰী আছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে আমাক গৌৰাৱান্বিত কৰিব পৰা নাছিল। আগতে প্ৰধানমন্ত্ৰী যেতিয়া বিদেশলৈ যায়, তেতিয়া প্ৰধানমন্ত্ৰীক আমি টিভিত বিচাৰি থাকিব লাগিছিল। টিভিত দেখিবলৈ পোৱা নগৈছিল।

মন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিশাল জনসভাত ভাষণ দাঙি ধৰি কয় যে বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিয়া মানে নৰেন্দ্ৰ মোদীক ভোট দিয়া, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভোট দিয়া। গতিকে তেওঁ সভাত উপস্থিত সকলোকে হাতীৰ ছবিত ভোট দি বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্রাৰ্থী ফণীভূষণ চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

৫লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰীঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in