কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত বিকল্প ৰাজ্যিক পথঃ বিভাগীয় বিষয়াৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতি

খহনীয়া প্ৰতিৰোধৰ কাম নকৰাত বিভাগীয় বিষয়াক দিলে পহু খেদা
কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত বিকল্প ৰাজ্যিক পথঃ বিভাগীয় বিষয়াৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতি
কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত বিকল্প ৰাজ্যিক পথঃ বিভাগীয় বিষয়াৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতি
Published on
Updated on

ডিজিটেল সংবাদ সৰভোগঃ বাৰিষাৰ মাজত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বেকী নদীৰ খহনীয়াই। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰ কৰাৰকুৰ বেকী দলঙৰ কাষত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়াই শেহতীয়াকৈ কাল ৰূপ ধাৰণ কৰিছে।

যোৱা তিনি বছৰ ধৰি শওপুৰত বেকী নদীৰ গৰাখহনী অব্যাহত আছে। ইয়াৰোপৰি বিকল্প ৰাজ্যিক ঘাইপথৰো একাংশ এই নদীৰ গৰাখহনীয়ত উছন হৈছে। ইমানৰ পিছতো সংশ্লিষ্ট বিভাগ তথা চৰকাৰে কোনো সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই।

আজি বিকল্প ৰাজ্যিক ঘাইপথৰ খহনীয়াস্থানত পুনৰ আৰম্ভ হৈছে ব্যাপক খহনীয়া। চপৰা চপৰে খহিছে ৰাজ্যিক ঘাইপথ। এনে পৰিস্থিতিত শীঘ্ৰেই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে পথটো সম্পূৰ্ণৰূপে যে নৈত জাহ যাব সেয়া প্ৰায় নিশ্চিত।

যদি সেয়াই হয় তেন্তে বেকী নদীৰ পানীয়ে কাষৰীয়া অঞ্চলটোৰ ভিন্ন অঞ্চলত বানপানীৰে খহনীয়া সৃষ্টি কৰিব। অৱশ্যে আজি এই খহনীয়া স্থলী পৰ্যবেক্ষণ কৰিবলৈ আহিছিল বিভাগৰ এটা দল।

এছ ডি অ' আৰু মহৰিৰ সৈতে অহা এই দলটোৰ ওপৰত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। ৰাইজৰ অভিযোগ খৰালি কাম নকৰি বহি থকা এই বিভাগে বাৰিষা খহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ অৱস্থাত কেৱল পৰিস্থিতি বুজ ল'ব অহাত তৰ্কাতৰ্কিত লিপ্ত হৈ দলটোক সেই স্থানৰ পৰাই খেদা দিয়ে। ইয়াৰোপৰি স্থানীয় ৰাইজে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কৱলত বিকল্প ৰাজ্যিক পথঃ বিভাগীয় বিষয়াৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতি
দৰঙত সম্পূৰ্ণতা অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in