হাউলী আৰক্ষীৰ বৃহৎ সফলতাঃ নিষিদ্ধ দ্ৰব্যৰ সৈতে এজনক আটক...

হাউলীৰ ৰাস মন্দিৰৰ কাষৰ পৰা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইনসহ এজন আটক
হাউলী আৰক্ষীৰ বৃহৎ সফলতাঃ নিষিদ্ধ দ্ৰব্যৰ সৈতে এজনক আটক...
হাউলী আৰক্ষীৰ বৃহৎ সফলতাঃ নিষিদ্ধ দ্ৰব্যৰ সৈতে এজনক আটক...
Published on
Updated on

ডিজিটেল সংবাদ বৰেপটাঃ বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। এনে এক অভিযানত আজি হাউলী আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইনসহ এজন ড্ৰাগছ মাফিয়া।

বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলীৰ ৰাস মন্দিৰৰ ওচৰত এক অভিযান চলাই সন্দেহযুক্ত হেৰ'ইনসহ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছে।

ধৃত কুখ্যাত ড্ৰাগছ মাফিয়াটো হৈছে আদম বজাৰৰ হানিফ আলীৰ পুত্ৰ ৰফিকুল ইছলাম (৩০)। উল্লেখ্য যে, হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগ, উপ পৰিদৰ্শক দেবাশীস কাশ্যপ আৰু দিকী তালুকদাৰৰ নেতৃত্বত এটি দল লৈ হাউলিৰ ৰাস মন্দিৰৰ ওচৰত আজি চলাইছিল এই ড্ৰাগছৰ বিৰোধী অভিযান।

আৰক্ষীয়ে অভিযানকালত সন্দেহযুক্ত হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ ২৪ টা কণ্টেইনাৰ জব্দ কৰে। জব্দ কৰা কণ্টেইনাৰত ২.৪১ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ৰফিকুল ইছলামে অঞ্চলটোত দীৰ্ঘদিন ধৰি চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা।

হাউলী আৰক্ষীৰ বৃহৎ সফলতাঃ নিষিদ্ধ দ্ৰব্যৰ সৈতে এজনক আটক...
ধুবুৰীত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ দল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in