ডিজিটেল সংবাদ, বৰপেটা : বৰপেটা ৰোডৰ বিশিষ্ট সাংবাদিক, সমাজ সংগঠক, অসম সাহিত্য সভা বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ দাসৰ সশ্ৰদ্ধ সোঁৱৰণত বৃহস্পতিবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উদ্দেশ্যে বৰপেটাৰোড প্ৰেছ ক্লাব আৰু বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত দিনজোৰা কাৰ্য্যক্ৰমণিকাৰে বৰপেটাৰোড প্ৰেছ ক্লাব প্ৰাংগনত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
সাংবাদিকতা আৰু সমাজ সেৱাৰে নিজকে জড়িত কৰি এক কণ্টকময় জীৱনৰ আলিবাটত সেন্দূৰীয়া ছাপ সৃষ্টি কৰি ইহসংসাৰ মায়া ত্যাগ কৰি পৰধামলৈ যোৱা স্বৰ্গীয় জয়ন্ত কুমাৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বি.টি.আ.ৰৰ কাৰ্য্যবাহী সদস্য গৌতম দাসে। স্বৰ্গীয় জয়ন্ত কুমাৰ দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰপেটাৰোড পৌৰসভাৰ পৌৰপতি ৰাজেশ সৰকাৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ "জয়ন্ত স্মৰণ" উন্মোচন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত বি.এইচ. কলেজৰ অধ্যক্ষ ড⁰ ভূষণচন্দ্ৰ পাঠকৰ লগতে বৰপেটাৰোডৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰোপৰি "দৈৱকী নন্দন মহিলা নাম দল", "বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতি নামদল" আৰু বৰপেটা ৰোড শাখা সত্ৰৰ ভকতসকলে প্ৰসংগ আৰু নাম পৰিৱেশন কৰে।
উল্লেখ কৰা প্ৰয়োজন যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ অন্তত যোৱা ২ ছেপ্টেম্বৰৰ দিনা জয়ন্ত কুমাৰ দাসে ইহলীলা সম্বৰণ কৰিছিল।
Also Read: মঙলদৈ পুনৰ চোৰৰ উপদ্ৰৱ : চোৰৰ টাৰ্গেট মঠ- মন্দিৰ...