পাটাছাৰকুছি নাগৰিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প গ্ৰহণ...

পাটাছাৰকুছি নাগৰিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প গ্ৰহণ...

author-image
Asomiya Pratidin
New Update
পাটাছাৰকুছি নাগৰিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প গ্ৰহণ...

পাটাছাৰকুছি নাগৰিক সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসত সংকল্প গ্ৰহণ...

ডিজিটেল সংবাদ,পাটাছাৰকুছি: স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ সোঁহাত স্বৰূপ হৈ ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিত একতাৰ বান্ধোনেৰে ভাৰতবাসীক সমুখৰ পৰা নেতৃত্ব দিয়া, পিছলৈ স্বাধীন ভাৰতৰ ৰজা-মহাৰজাসকলক একতাৰ বান্ধোনেৰে বান্ধি সাৰ্বভৌম ভাৰতৰ অংগ ৰাজ্য কৰিবলৈ সক্ষম হোৱা ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে পাটাছাৰকুছি থানা নাগৰিক সমিতিৰ উদ্যোগতো "ৰাষ্ট্ৰীয় একতা দিৱস" হিচাপে পালন কৰা হয়।

দিৱসৰ লগত সংগতি ৰাখি নাগৰিক সমিতিৰ অধ্যক্ষ শৈলজানন্দ গোস্বামীয়ে সমিতিৰ আন সদস্য ক্ৰমে ত্ৰৈলোক্য দাস, প্ৰসন্ন কুমাৰ শৰ্মা, গীতিকা পাঠক ৰয়, নৱকান্ত কলিতা, আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক দুৰ্গেশ্বৰ তালুকদাৰকে ধৰি আন আন বিষয়া আৰু কনিষ্টবল বাহিনীক শপত বাক্য পাঠ কৰোৱায়।

শপত বাক্য আছিল "মই নিষ্ঠাসহকাৰে সংকল্প গ্ৰহণ কৰিছো যে ৰাষ্ট্ৰৰ ঐক্য, সংহতি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে নিজকে উৎসৰ্গা কৰিম আৰু লগতে দেশবাসীৰ মাজত এই বার্তা বিয়পাই দিবলৈও অশেষ চেষ্টা কৰিম। এই সংকল্প মই মোৰ দেশৰ একতাৰ মনোভাৱেৰে গ্ৰহণ কৰিছো যিটো চৰ্দাৰ বল্লভভাই পেটেলৰ দৃষ্টিভংগী আৰু কাৰ্য্যৰ দ্বাৰা সম্ভৱ হৈ উঠিছিল। লগতে মোৰ দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে নিজৰ অৱদান আগবঢ়াবলৈও দৃঢ়তাৰে সংকল্প গ্রহণ কৰিলোঁ।"

উল্লেখযোগ্য যে ২০১৪ চনত মাননীয় নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰাই চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো "ৰাষ্ট্ৰীয় একতা দিৱস" হিচাপে সমগ্ৰ ভাৰতবৰ্ষই পালন কৰি আহিছে।

Also Read: 'উপ নিৰ্বাচনত ৫ টা সমষ্টিয়েই দখল কৰিব বিজেপিয়ে'- জয়ন্ত মল্ল বৰুৱা...

পাটাছাৰকুছি ৰাষ্ট্ৰীয় একতা দিৱস