সৰভোগত তীব্ৰ বেগী KTM বাইকে খুন্দিয়ালে স্কুটিঃ থিতাতে নিহত এজন, আহত ৩ জন...

পথ সুৰক্ষা সপ্তাহ চলি থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্ঘটনা
সৰভোগত তীব্ৰ বেগী KTM বাইকে খুন্দিয়ালে স্কুটিঃ থিতাতে নিহত এজন, আহত ৩ জন...
সৰভোগত তীব্ৰ বেগী KTM বাইকে খুন্দিয়ালে স্কুটিঃ থিতাতে নিহত এজন, আহত ৩ জন...
Published on
Updated on

ডিজিটেল সংবাদ সৰভোগঃ ৰাজ্যত পথ সুৰক্ষা সপ্তাহ চলি থকাৰ মাজতে বিভিন্ন স্থানত সংঘটিত হৈছে পথ দুৰ্ঘটনা। সৰভোগৰ মেজি ৰিছোৰ্টৰ সন্মুখতো এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে এখন তীব্ৰ বেগী কে টি এম বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে তীব্ৰবেগী কে টি এম বাইকখনে স্কুটিখনৰ পাছফালে খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হৈছে প্ৰকাশ বিশ্বাস নামৰ এগৰাকী যুৱক। আনহাতে দুৰ্ঘটনাত আহত হৈছে উত্তম মণ্ডল,বিজয় সাহা আৰু নিবেদিকা ভৌমিক নামৰ তিনিজন। তেওঁলোকক সৰভোগৰসমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।

সৰভোগত তীব্ৰ বেগী KTM বাইকে খুন্দিয়ালে স্কুটিঃ থিতাতে নিহত এজন, আহত ৩ জন...
বালিপৰাত পথ দুৰ্ঘটনাঃ এজনৰ মৃতদেহ উদ্ধাৰ, গুৰুতৰভাৱে আহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in