বৰপেটাৰ চেঙাত অত্যাধিক সুৰা সেৱন কৰি যুৱক-যুৱতীৰ পথ দুৰ্ঘটনাঃ উত্তপ্ত পৰিস্থিতি

ঘটনাস্থলীত উপস্থিত আৰক্ষী
বৰপেটাৰ চেঙাত অত্যাধিক সুৰা সেৱন কৰি যুৱক-যুৱতীৰ পথ দুৰ্ঘটনাঃ উত্তপ্ত পৰিস্থিতি
বৰপেটাৰ চেঙাত অত্যাধিক সুৰা সেৱন কৰি যুৱক-যুৱতীৰ পথ দুৰ্ঘটনাঃ উত্তপ্ত পৰিস্থিতি
Published on
Updated on

ডিজিটেল ডেস্কঃ বৰপেটাৰ চেঙাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়। বিশ্বকৰ্মা পূজা চাই উভতি অহাৰ পথতে অত্যাধিক সুৰা সেৱন কৰি বাহন চলোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি এখন ৱেগানাৰ বাহনেৰে এজন যুৱক আৰু এগৰাকী যুৱতীয়ে বৰপেটাৰ দিশৰ পৰা আহি থকাৰ অৱস্থাতে চেঙা বেচিক চকৰ পৰা সৰ্থেবাৰীলৈ যোৱা পথৰ কাষত থকা ১২ টাকৈ খুঁটাত খুন্দা মাৰে। তাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে।

দুৰ্ঘটনাৰ সময়ত বাহনখনত থকা যুৱক আৰু যুৱতীগৰাকীয়ে অত্যাধিক সুৰা সেৱন কৰি আছিল। ফলত নিয়ন্ত্ৰণ হেৰুৱাই এই ঘটনা সংঘটিত কৰে। ইয়াৰ পূৰ্বে এই দুয়ো যুৱক, যুৱতীয়ে চেঙা চক বজাৰতো হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰিছিল। স্থানীয় ৰাইজে তেওঁলোকক তাৰ পৰা খেদি পঠিওৱাৰ পাছতে এই ঘটনা সংঘটিত কৰে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ বি এছ ২১৩৭। বাহনখনত থকা যুৱকজনৰ ঘৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ব্যাসকুছি গাঁৱত আৰু যুৱতীগৰাকীৰ ঘৰ নামশলাত বুলি জানিব পৰা গৈছে।

ইফালে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত তাৰাবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে বাহনখনৰ সৈতে থানালৈ লৈ যায়।

বৰপেটাৰ চেঙাত অত্যাধিক সুৰা সেৱন কৰি যুৱক-যুৱতীৰ পথ দুৰ্ঘটনাঃ উত্তপ্ত পৰিস্থিতি
নকল সোণৰ নাওসহ দুজনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in