ডিজিটেল সংবাদ, চেঙা : সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ বৰপেটা জিলা আহ্বায়ক সমিতিৰ উদ্যোগত দেওবাৰে সৰভোগৰ ব্ৰজসদন প্ৰেক্ষাগৃহত নৱ নিৰ্বাচিত বৰপেটা জিলা গৰীয়া পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান আৰু ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠান আৰু ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক তথা বিশিষ্ট সমাজসেৱক কামৰুজ জামানে।
সভাখনত মুখ্য অতিথ হিচাপে উপস্থিত থাকি সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কত ভাষণ প্ৰদান কৰে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সভাপতি মইনুল ইছলামে। ভাষণ প্ৰসংগত মইনুল ইছলামে কয় যে- "সদৌ অসম গৰীয়া জাতীয় পৰিষদ লিডাৰ বেচ নহয়; কেডাৰ বেচ সংগঠন। ইয়াত কোনো লবী কৰি সভাপতি, সম্পাদক হ'ব নোৱাৰিব। ইয়াত শৃংখলাবদ্ধতা, দক্ষতা, বিচক্ষণতাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। আমাৰ অধিকাৰ পাবলৈ জনগোষ্ঠীটোৰ লোকসকলৰ জাতীয় চেতনা জাগ্ৰত হ'ব লাগিব।"
সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গৰীয়া জনগোষ্ঠীটোৰ উন্নয়ন আৰু সুৰক্ষা সম্পৰ্কত ভাষণ কৰে অসম চৰকাৰৰ গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে। হাফিজুল আহমেদে ভাষণ প্ৰসংগত কয় যে- আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে জনমত গঠন কৰিব লাগিব। জনমত গঠন কৰিলেহে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব।
শৃংখলাবদ্ধ আৰু প্ৰণালীবদ্ধভাবে গৰীয়া জনগোষ্ঠীটোৰ হৈ কাম কৰি থকা একমাত্ৰ সংগঠনটোৱে হৈছে সদৌ অসম গৰীয়া জাতীয় পৰিষদ। জনগোষ্ঠীটোৰ জৰীপৰ বাবে লোৱা পদক্ষেপক মুখ্যমন্ত্ৰীৰ সাহসী পদক্ষেপ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে।
সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক অতিথি হিচাপে উপস্থিত থাকি জনগোষ্ঠীটোৰ উন্নয়ন সম্পৰ্কত ভাষণ প্ৰদান কৰে। উক্ত সভাতেই সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মইনুল ইছলামে।
সৰভোগৰ টেঙা গাঁৱৰ মুকুল আলীক সভাপতি আৰু ভেল্লাৰ খন্দকাৰ পাৰাৰ চাজিদুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা ৯ বজাত সংগঠনৰ স্বকীয় পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰকিবুল আলীয়ে। স্মৃতি তৰ্পণ কৰে লিকুমণি বেগমে ।